কিয় ৬০০ দিন ধৰি নিজকে ঘৰতে বন্দী কৰি ৰাখিছে জিনপিঙে ?

unnamed

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে স্বাস্থ্যজনিত কাৰণত দীৰ্ঘদিন ধৰি নিজকে দেশৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছে । চীনৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিগত ৬০০ দিন ধৰি বিদেশ ভ্ৰমণৰ পৰা বিৰত আছে চীনৰ ৰাষ্ট্ৰপতিজন । অন্তিমবাৰ ২০২০ৰ ১৮ জানুৱাৰীত জিনপিঙে ম্যানমাৰ ভ্ৰমণ কৰিছিল । এই ভ্ৰমণৰ পাছৰে পৰা চীনৰ ৰাষ্ট্ৰপতিয়ে কোনো বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰা নাই । কেৱল বিদেশ ভ্ৰমণৰ পৰা বিৰত থকাই নহয়, জিনপিঙে দেশৰ ভিতৰতো ৰাজহুৱা অনুষ্ঠানত বিগত ৬০০ দিনত অতি সীমিত সংখ্যকবাৰহে অংশ লৈছিল । নিজে বৈঠকত উপস্থিত থকাৰ পৰিৱৰ্তে জিনপিঙে বিগত প্ৰায় দুবছৰ ধৰি ভাৰ্চুৱেল বৈঠকতে নিজট আবদ্ধ ৰাখিছে ।

‘ব্লুমবাৰ্গ’ৰ প্ৰতিবেদন অনুসৰি চীনা ৰাষ্ট্ৰপতিয়ে বিদেশ ভ্ৰমণৰ পৰিৱৰ্তে আন দেশৰ ৰাষ্ট্ৰনেতাৰ স’তে ফোনযোগে যোগাযোগ অব্যাহত ৰাখিছে । যোৱা শুকুৰবাৰেও জিনপিঙে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ স’তে ফোনযোগে বাৰ্তালাপ কৰিছিল । ব্ৰিক্‌ছ শীৰ্ষ সন্মিলনতো জিনপিঙে ভাৰ্চুৱেল পদ্ধতিৰে অংশ লৈছিল ।

চীনত বৰ্তমানে কৰ’নাৰ ভয়াৱহ পৰিস্থিতিনাই, কিন্তু ইয়াৰ পাছতো জিনপিঙে বিদেশ যাত্ৰা এৰাই চলাটো আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এক তাৎপৰ্যপূৰ্ণ ঘটনা বিবেচিত হৈছে । প্ৰকাশিত বাতৰি অনুসৰি, চীনৰ কৰ’নাৰ সংক্ৰমণ প্ৰথম ধৰা পৰাৰ পাছতে জিনপিঙে নিজকে বিদেশ ভ্ৰমণৰ পৰা আঁতৰাই ৰাখিছিল । কিন্তু বৰ্তমানেও চীনা ৰাষ্ট্ৰপতিয়ে এইদৰে বিশ্বৰ আন দেশৰ পৰা নিজৰ আঁতৰাই ৰখাৰ মূল কাৰণ হৈছে কৰ’নাৰ সংক্ৰমণ ।

বিশেষজ্ঞসকলৰ ধাৰণা অনুসৰি, চীনত ক’ভিগৰ সংক্ৰমণ নিয়ন্ত্ৰিত হ’লেও বিশ্বৰ আন বহু দেশত এই ভাইৰাছৰ ব্যাপক সংক্ৰমণ এতিয়াও অব্যাহত আছে । গোলকীয় ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে জিনপিঙে বিদেশ ভ্ৰমণৰ পৰা আঁতৰি থকা বুলি ধাৰণা কৰা হৈছে ।

Exit mobile version