নুমলীগড়ত অৰ্ধনির্মিত ‘বৰাইখোৱা পানী যোগান আঁচনি’ত বৃহৎ ফাঁট : চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়া

সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে অনিয়মত হাত উজান দিয়াৰ অভিযোগ

0cb4daa7 923c 441c 98fd c28c1cfd663c

বোকাখাত মহকুমাৰ নুমলীগড়ৰ সমীপৰ মহুৰা মৌজাৰ বৰবালিত নির্মাণাধীন ‘বৰাইখোৱা পানী যোগান আঁচনি’ৰ কাম শেষ নৌহওঁতেই অৰ্ধনির্মিত প্ৰকল্পটোত বৃহৎ ফাঁটৰ সৃষ্টি হোৱাক লৈ চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । নিম্নমানৰ সামগ্ৰীৰ প্ৰয়োগেৰে নিৰ্মাণকাৰ্য চলাই যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই ক্ষেত্ৰত, ঠিকাদাৰৰ এই কাৰ্যত সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীয়েও হাত উজান দিয়াৰো অভিযোগ উঠিছে ।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বোকাখাত সংমণ্ডল কাৰ্য্যালয়ৰ অধীনস্থ পানী যোগান আঁচনিটো নিৰ্মাণৰত অৱস্থাতে পানী টেংকীৰ তলৰ অংশত বৃহৎ ফাট মেলিছে । পানী উত্তোলন নকৰাকৈয়ে টেংকীটোৰ তলৰ অংশৰ চাৰিওফালে ফাট মেলাত পাছত পানী উত্তোলন কৰিলে টেংকীটো বাগৰি পৰিব বুলিও স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । আনহাতে, ইতিমধ্যে টেংকিৰ ওপৰলৈ যোৱা পকী জখলাটি ভাগি পৰাত পুনৰ নিৰ্মাণ কৰিব লগা হয় ।

ইপিনে, ফিল্টাৰ টেংকিত জাবৰ জোথৰ থকা লেতেৰা বালি দিয়া পৰিলক্ষিত হৈছে। আঁচনিটোৰ নিৰ্মাণৰ কাৰণে আবন্টিত ধনৰ পৰিমাণ নাম ফলকত উল্লেখ অথবা ৰাজহুৱা নকৰি ৰাইজক আন্ধাৰত ৰাখি আঁচনিটোৰ সিংহভাগ ধন ঠিকাদৰে আত্মসাৎ কৰিবলৈ উদ্যত হোৱাৰো গুৰুতৰ অভিযোগ উঠিছে। প্ৰাপ্ত তথ্য অনুসৰি, বৰা উপাধিৰ দুজন ঠিকাদাৰে লাভ কৰা উক্ত কামৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ কোনো অভিযোগ-পৰামৰ্শকেই গুৰুত্ব সহকাৰে নলৈ নিজা খেয়াল-খুঁচি মতেই অনিয়ম সংঘটিত কৰি যোৱা বুলিও স্থানীয় একাংশ লোকে মন্তব্য প্ৰকাশ কৰে ।

চৰকাৰে জল জীৱন মিছনৰ অংশ স্বৰূপে বানাক্ৰান্ত বৰবালি অঞ্চলবাসী ৰাইজৰ দীৰ্ঘদিনীয়া বিশুদ্ধ খোৱা পানীৰ সমস্যা সমাধানৰ উদ্দেশ্যে উক্ত পানী যোগান আঁচনীখন ৰূপায়ণ কৰিছে যদিও ইয়াৰ মূল বুজি নোপোৱা বিষয়া-ঠিকাদাৰে নিজা পকেট গৰম কৰাৰ স্বাৰ্থতে অনিয়ম কৰি ৰাইজক অন্যায় কৰিবলৈ উঠিপৰি লাগিছে বুলিও চৰ্চা চলিছে ।

উল্লেখ্য যে জল জীৱন মিছনৰ যোগেদি চৰকাৰে ২০২৪ চনৰ ভিতৰত গ্ৰামাঞ্চলৰ প্ৰত্যেক পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ পৰিকল্পনা প্ৰস্তুত কৰি কাম-কাজ ক্ষিপ্ৰতাৰে আগবঢ়াই গৈছে। তেনে সময়তে নুমলীগড়ৰ সমীপতে আঁচনি ৰূপায়ণত হোৱা এনে অনিয়মে বিভিন্ন মহলৰ চকু কপালত তুলিছে। এনে ক্ষেত্ৰত, বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই বিষয়টোত হস্তক্ষেপ কৰি ৰাইজৰ বহু প্ৰত্যাক্ষিত পানী যোগান আঁচনিটো সুন্দৰভাৱে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাইছে ।

Exit mobile version