বতাহৰ মাধ্যমত দ্ৰুত সংক্ৰমণ

970430 covid19 variants

বতাহৰ মাধ্যমত আটাইতকৈ দ্রুত গতিত সংক্রমণ হয় ছাৰ্ছ ক’ভ-২ ভাইৰাছৰ বিভিন্ন প্ৰজাতিৰ । ফলত মাস্ক পিন্ধা আৰু বন্ধ পৰিৱেশৰ সলনি বতাহ চলাচলৰ সুব্যৱস্থা কৰাৰ বাহিৰে এই সংকটৰ পৰা মুক্তি পোৱা সম্ভৱ নহয় । আমেৰিকাৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ এক সাম্প্রতিক পর্যালোচনাত বিষয়টো উত্থাপন হৈছে ।

গৱেষণা অনুযায়ী, কোনো সংক্রমিতে উশাহ এৰিলে প্রত্যেক নিঃশ্বাসত সংক্রামক ভাইৰাছ বিয়পি পৰে বতাহত । ভাইৰাছৰ মূল ভেৰিয়েন্টৰ তুলনাত আলফা ভেৰিয়েন্টত আক্রান্তসকলৰ ক্ষেত্রত এই মাত্রা ৪৩ৰ পৰা ১০০ গুণ বেছি । ‘ক্লিনিকেল ইনফেকছাছ ডিজিজেছ’ নামে পত্রিকাত প্রকাশিত এই প্ৰতিবেদনে জনাইছে, ছার্জিকেল মাস্ক পিন্ধিলে সংক্রমণৰ শংকা বহু পৰিমাণে কমে । গৱেষণাটো মূলতঃ আলফা ভেৰিয়েন্টৰ প্ৰতি লক্ষ্য ৰাখি কৰা হয় যদিও সম্প্রতি আতংকৰ সৃষ্টি কৰা ডেল্টা ষ্ট্ৰেনৰ ক্ষেত্রতো এই নিৰীক্ষণ কার্যকৰ বুলি জনাইছে বিশেষজ্ঞসকলে ।

পাঁচৰ পৰা ১১ বছৰ বয়সৰ ক্ষেত্রত ফাইজাৰৰ টিকা সম্পূর্ণ নিৰাপদ আৰু ক’ভিড সংক্রমণৰ বিৰুদ্ধে প্রতিৰোধ ক্ষমতাও গঢ়ি তুলিবলৈ সক্ষম । ট্রায়েলত এই তথ্য পোৱা গৈছে বুলি সোমবাৰে এক বিবৃতিত জনায় আমেৰিকান প্রতিষেধক প্রস্তুতকাৰী সংস্থা ফাইজাৰে । ইয়াৰ ভিত্তিত তেওঁলোকে অতি শীঘ্ৰে নিৰামক সংস্থাক টিকাটো এই বয়সসীমাৰ ক্ষেত্রত ব্যৱহাৰৰ অনুমতিৰ বাবে আবেদন জনাব ।

বায়োএনটেকে প্ৰস্তুত কৰা ফাইজাৰ সংস্থাৰ এই টিকাটো বর্তমান ১২ বছৰ আৰু তাৰ ঊর্ধ্বৰসকলক দিয়া হৈছে আমেৰিকাত । ৫-১১ বছৰ বয়সৰসকলৰ বাবে টিকাৰ ডোজৰ মাত্রা সামান্য কম থাকিব বুলি ফাইজাৰ সূত্রে খবৰ । ইউৰোপীয় ইউনিয়নৰ দেশ আৰু আমেৰিকা, দুই ঠাইতেই এই টিকা ব্যৱহাৰৰ অনুমোদনৰ বাবে আবেদন জনোৱা হ’ব বুলি জনাইছে সংস্থাটোৱে ।

Exit mobile version