বোকাজানত সাত কোটি টকাৰ ড্ৰাগছ জব্দ

বোকাজান আৰক্ষী আৰু খটখটি আৰক্ষীৰ অভিযানত জব্দ এক কেজি পাঁচ গ্ৰাম হেৰ’ইন ।

খটখটি গণকপুখুৰীৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ।

৮০টা চাবোনৰ বাকচত উদ্ধাৰ ড্ৰাগছখিনি ।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী বেছি মাও আৰু কাইহা মাও নামৰ এহাল দম্পত্তিক আটক কৰে আৰক্ষীয়ে ।

দম্পত্তিহালৰ লগত এটা সন্তানো আছিল ।

দুয়োৰে ঘৰ নাগালেণ্ডৰ ডিমাপুৰত বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত চলিছিল এই অভিযান ।

Exit mobile version