বৰাদৰ বন্দী নেকি ? আখুন্দজাদা জীয়াই আছে নে নাই প্রশ্ন

AFGHANISTAN CONFLICT CURRENCY 4 1631589162840 1631589171594

আফগানিস্তানৰ তালিবান চৰকাৰৰ উপ-প্রধানমন্ত্রী আব্দুল ঘানি বৰাদৰক কন্দহৰত পণবন্দী কৰি ৰখা হৈছে নেকি ? তালিবানৰ শীর্ষ নেতা হিবাতুল্লা আখুন্দজাদা এতিয়াও জীৱিত আছে নেকি ? এক ব্রিটিছ সংবাদমাধ্যমৰ দাবী, তালিবানৰ দুই নেতাক লৈ প্রশ্ন উত্থাপন হৈছে ।

কালি চৰকাৰ গঠন হোৱাৰ আগতেই বৰাদৰ নিৰুদ্দেশ হোৱাৰ খবৰ ওলাইছিল । সম্প্রতি নতুন মন্ত্রিসভা ঘোষণাৰ পাছৰ পৰাই চৰকাৰী কোনো কার্যসূচীতে দেখা নাই আফগানিস্তানৰ বর্তমান উপ-প্রধানমন্ত্রী বৰাদৰক ।

সূত্রৰ খবৰ, কাবুল প্রাসাদত চৰকাৰ গঠনৰ আলোচনাত বৰাদৰসহ তালিবানৰ অন্যান্য প্রভাৱশালী নেতাসকল উপস্থিত আছিল । পাকিস্তানৰ হৈ সহায় কৰা হক্কানি সংগঠনৰ সদস্যসকলো আছিল । চৰকাৰ গঠনৰ আলোচনা চলি থকাৰ সময়তে হঠাৎ বৰাদৰৰ ফালে চোচা লয় আফগানিস্তানৰ মন্ত্রী খলিল-উৰ-ৰহমান হক্কানিয়ে । তেওঁ বৰাদৰক ঘুচিয়াবলৈ লয় ! বৰাদৰৰ নিৰাপত্তাৰক্ষীসকলে হক্কানিৰ দললৈ গুলি চালনা কৰে । হক্কানিৰ দলেও গুলিৰে প্ৰত্যুত্তৰ দিয়ে । এই গুলি চালনাত কিছুসংখ্যক নিৰাপত্তাৰক্ষীৰ মৃত্যু হয় ।

সূত্র অনুসৰি, আফগানিস্তানৰ সংখ্যালঘুসকলৰ বাবে আৰু অধিকাৰ বিচাৰিছিল বৰাদৰে । তালিবান পতাকাৰ লগতে সর্বত্র আফগান পতাকা উৰোৱাৰ বিষয়েও প্ৰশ্ন কৰিছিল । সূত্রৰ খবৰ, গুলিবৰ্ষণৰ উপৰিও মাৰ-পিট হয় বৰাদৰ আৰু হক্কানি গোষ্ঠীৰ সমর্থকসকলৰ মাজত ।

এই সংঘর্ষৰ ফলত বৈঠকত উপস্থিত নেতাসকলৰ ভিতৰত কাৰোবাৰ মৃত্যু হৈছে নে নাই, সেয়া এই পৰ্যন্ত স্পষ্ট নহয় । কিন্তু এই ঘটনাৰ পাছত বৰাদৰৰ মৃত্যুৰ খবৰ বিয়পি পৰে । পৰৱৰ্তী সময়ত জনা যায়, সেই দিনা বৰাদৰে নিৰাপদ ভাবেই কাবুল প্রাসাদ ত্যাগ কৰিবলৈ সক্ষম হয় । তেওঁ আহত যদিও জীৱিত আছে । অৱশ্যে সেইদিনা কাবুল এৰি কন্দহৰ যোৱাৰ পাছৰ পৰা উভতা নাই বৰাদৰ । পাছত কন্দহৰৰ পৰা এটা ভিডিঅ’ বার্তা প্রকাশ কৰি বৰাদৰে সেই সংঘর্ষত তেওঁ আহত হোৱাৰ খবৰ ভুৱা বুলি জনায় ।

আজি এক ব্রিটিছ সংবাদমাধ্যমে দাবী কৰিছে, বৰাদৰে কন্দহৰত তেওঁৰ সমর্থনত বিভিন্ন গোষ্ঠীরৰ প্রবীণসকলৰ স’তে বৈঠকৰ আহ্বান কৰিছিল । কিন্তু চৰকাৰী টিভি চেনেলত ভিডিঅ’ বার্তাও প্রকাশ কৰিবলৈ বাধ্য হৈছে । চৰকাৰী টিভি সম্প্ৰতি তালিবানৰ দখলত আছে । আফগান পর্যবেক্ষকসকলৰ মতে, বৰাদৰে যিদৰে টিভি-ত বিবৃতি পাঠ কৰিছে, দেখি লাগিছে তেওঁক কন্দহৰত পণবন্দী কৰি ৰখা হৈছে‌ ।

আনহাতে, তালিবানৰ শীর্ষ নেতা হিবাতুল্লা আখুন্দজাদা এই পৰ্যন্ত জীয়াই আছে নে নাই তাক লৈও প্রশ্ন উত্থাপন হৈছে । তালিবানে কাবুল দখল কৰাৰ পৰা প্রায় এমাহ পাৰ হোৱাৰ পাছতো তেওঁক দেখা নাই । ব্রিটিছ সংবাদমাধ্যমটোৰ দাবী, তেওঁ জীয়াই নাথাকিব‌ও পাৰে । তেওঁলোকৰ মতে, এই ক্ষেত্রত পাকিস্তানৰ হৈ সহায় কৰা হক্কানি গোষ্ঠীৰ প্রভাৱ ৰোধ কৰা কঠিন হ’ব । খলিল-উৰ-ৰহমান হক্কানিয়ে ইতিমধ্যেই আন্তর্জাতিক জিহাদৰ আহ্বান কৰিছে । তালিবান চৰকাৰৰ গৃহমন্ত্রী ছিৰাজুদ্দিন হক্কানিয়ে আত্মঘাতী সন্ত্ৰাসবাদীসকলৰ প্রশংসা কৰিছে । আফগান পর্যবে‌ক্ষকসকলৰ দাবী, কাবুল প্রাসাদৰ ঘটনাৰ সময়ত পাক গুপ্তচৰ সংস্থা আইএছআই-ৰ প্রধান ফৈজ হামিদে বৰাদৰৰ বিৰুদ্ধে হক্কানিৰ সমর্থন কৰিছিল ।

Exit mobile version