১০৪ যাত্ৰীসহ সুৰংগত প্ৰৱেশ কৰিয়েই অদৃশ্য হ’ল এখন ৰেল

02e8100e1281600dec6b742ae26f9b4a8bd8e1b6302266e3315ef5e0098a1e79

সেয়া আছিল ১৯১১ৰ কথা। আজিৰ পৰা প্ৰায় ১১০ বছৰৰ পূর্বে অতি ধুমধামেৰে এখন ৰেলৰ চলাচল আৰম্ভ কৰিছিল ইটালীৰ জেনেটি নামৰ এক ৰেল সংস্থাই। উদ্বোধনীৰ দিনা সংস্থাটোৱে সকলাে যাত্রীকে টিকট বিহীনভাৱে যাত্ৰাৰ সুযােগ প্রদান কৰিছিল।

এশজন যাত্রী আৰু ছজন ৰেলকর্মীক লৈ ৰেলখনে যাত্ৰা আৰম্ভ কৰিছিল। অথচ সেই ৰেলখনে গন্তব্যস্থল নাপালেগৈ। কোনাে ধৰণৰ দুৰ্ঘটনাৰ খবৰ নাই, কোনেও মাজপথত ৰেলখন ৰখাই থােৱা নাছিল; আশ্চৰ্যকৰভাৱে নিজৰ যাত্রাপথত ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে সেই যাত্রীবাহী ৰেলখন।

আজি পর্যন্ত ৰেলখনৰ সন্ধানতাে বাদেই, ৰেলখনৰ কি পৰিণতি হ’ল সেয়াও কোনেও জানিব নােৱাৰিলে। কোনাে ধৰণৰ সন্ধান নােলাল ৰেলত থকা ১০৪জন যাত্রী আৰু ৰেলকর্মীৰ।

১১০ বছৰৰ আগৰ সেই ৰহস্যজনক ঘটনাই আজিও ইটালীবাসীক শিহৰিত কৰি তােলে। ইমানবােৰ যাত্রী লৈ এখন বিশাল ৰেল কিদৰে মুহূৰ্তৰ ভিতৰতে অদৃশ্য হৈ যাব পাৰে, তাৰ কাৰণ বিজ্ঞানীসকলেও বিচাৰি উলিয়াব নােৱাৰিলে।

শুনা যায় যে অনেক অনুসন্ধান চলােৱা সত্ত্বেও ৰেলখনৰ কোনাে চিহ্ন পর্যন্ত কোনেও বিচাৰি উলিয়াব নােৱাৰিলে। তথ্য অনুসৰি, ৰােমৰ এখন ৰেল ষ্টেছনৰ পৰা এশ যাত্রী আৰু ছজন ৰেলকর্মীক লৈ সেইদিনা ৰেলখনে যাত্ৰা আৰম্ভ কৰিছিল। যাত্রীসকলে সেই যাত্রা যথেষ্ট উপভােগ কৰিছিল।

কিয়নাে সংস্থাৰ তৰফৰ পৰা যাত্রীসকলৰ বাবে ৰাজকীয় খাদ্য-সম্ভাৰৰাে ব্যৱস্থা কৰা হৈছিল। এই যাত্রাৰ উদ্দেশ্য আছিল যাত্রীসকলক ইটালীৰ বিভিন্ন অঞ্চল পৰিদর্শন কৰােৱা। এই যাত্রাপথতে ৰেলখনে এটা সুৰংগ পাৰ কৰিবলগীয়া হৈছিল।

ৰেলখনে ঠিকেই সুৰংগৰ ভিতৰত প্ৰৱেশ কৰিলে, অথচ আজিলৈকে সুৰংগৰ পৰা ওলাই নাহিল। পৰৱৰ্তী সময়ত ৰেলখনৰ সন্ধান কৰিবলৈ বহুতেই সুৰংগত প্রৱেশ কৰি অনুসন্ধান চলাইছিল।

তন্ন তন্নকৈ চলাথ কৰিও কোনেও ৰেলখনৰ চিহ্ন পর্যন্ত নাপালে। পাহাৰৰ বুকু খান্দি সৃষ্টি কৰা এই সুৰংগৰ ভিতৰত আনকি আন কোনাে উপপথ বা সুৰংগ নাছিল। আনকি ৰেলখন দুর্ঘটনাগ্রস্ত হােৱাৰ তথ্যও পােৱা নগ’ল।

স্বাভাৱিকতে এই ৰহস্যজনক ঘটনাই সকলােকে চিন্তিত কৰি তুলিছিল। ৰেলখনত কৰ্মচাৰীসহ মুঠ ১০৬জন যাত্রী আছিল। ইয়াৰে দুজনৰ সন্ধান পৰৱৰ্তী সময়ত পােৱা গৈছিল। সুৰংগৰ বাহিৰৰ পৰা তেওঁলােকক উদ্ধাৰ কৰা হৈছিল।

সেই সময়ত প্রকাশিত খবৰ অনুসৰি, দুয়ােজনেই অসংলগ্ন কথা কৈছিল। সেই ঘটনাৰ সন্দৰ্ভত বিশদভাৱে তেওঁলােকে একো কথাই গম পােৱা নাছিল। অৱশ্যে দুয়ােৰে কথাৰ বিষয়বস্তু একেই আছিল। সুৰংগত প্ৰৱেশৰ মুহূর্ততে সমগ্ৰ ৰেলখনক বগা ধোঁৱাই গ্রাস কৰিছিল।

সেই সময়তে হেনাে দুয়ােজনে কোনােমতে ৰেলৰ পৰা জাঁপ দিছিল। তাৰ পাছত আৰু তেওঁলােকৰ একো মনত নাছিল। ইপিনে, প্রথম বিশ্বযুদ্ধৰ সময়ত বােমা পৰাৰ ফলত সুৰংগৰ মুখখন বন্ধ হৈ পৰাত অনুসন্ধান প্রক্রিয়া স্থগিত ৰখা হয়।

অথচ ইয়াৰ বহু বছৰৰ পাছত সন্ধানহীন ৰেলখনক কেন্দ্ৰ কৰি এনে কিছুমান ঘটনা বা তথ্য প্রকাশলৈ আহিবলৈ ধৰিলে, যিবােৰে সকলােকে আশ্চর্যচকিত কৰি তুলিছিল। মেক্সিকোৰ এজন চিকিৎসকে দাবী কৰে যে বহু বছৰৰ পূর্বে মেক্সিকোৰ এখন হাস্পতালত হেনাে সেই ১০৪জন যাত্রীক ভর্তি কৰােৱা হৈছিল।

তেওঁলােক প্রতিজনেই অসংলগ্ন কথা কৈছিল। প্রতিজনেই কোনাে এখন ৰেলৰ কথা উল্লেখ কৰিছিল আৰু সেই ৰেলত উঠিয়ে তেওঁলােক মেক্সিকো উপস্থিত হােৱা বুলিও কৈছিল। আনকি ইটালীৰ বিভিন্ন প্রান্তত, জার্মানী, ৰােমানিয়া আৰু ৰাছিয়াতাে হেনাে বিভিন্ন সময়ত বিভিন্ন মানুহে ঠিক সেই ধৰণৰে এখন যাত্রী থকা ৰেল দেখা পােৱাৰ কথা দাবী কৰিবলৈ আৰম্ভ কৰিছিল।

প্রত্যক্ষদর্শীয়ে ৰেলৰ যি বর্ণনা দিছিল, সেয়া হুবহু সেই অদৃশ্য হােৱা ৰেলখনৰ দৰে আছিল। সেই সময়ত সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি, ৰেলখনে হেনাে ‘টাইম ট্রেভেল’ কৰি ১৮৪০ৰ মেক্সিকোত উপস্থিত হৈছিল। অৱশ্যে এই সকলাে দাবীৰ পক্ষে সুনির্দিষ্ট প্রমাণ পােৱা নগ’ল।

ফলত ৰেলখনক কেন্দ্র কৰি ‘টাইম ট্রেভেল’ৰ যি কাহিনী বিয়পি পৰিছিল, তাতে কোনেও ছীল-মােহৰ নিদিলে। তথাপি ৰেলখনৰ কি হ’ল বা ৰেলত থকা ১০৪জন যাত্রীয়েই বা ক’লৈ গ’ল, তাৰ কোনাে শুংসূত্র নােলাল। সময় আগবঢ়াৰ লগে লগে এই প্রশ্নও প্ৰৱল হৈ পৰিছে। তৎসত্ত্বেও বন্ধ সুৰংগৰ ভিতৰতে বন্দী হৈ ৰ’ল সেই ‘ভৌতিক ৰেলখনৰ ৰহস্য।

Exit mobile version