১৯ হেজাৰ কোটিৰ মাদক দ্ৰব্য জব্দ আদানিৰ বন্দৰত,‌ আহিছিল আফগানিস্তানৰ পৰা !

Gujarat Mundra

১৯ হেজাৰ কোটি মূল্যৰ প্রায় তিনি টন হেৰ’ইন বাজেয়াপ্ত হ’ল গুজৰাতৰ মুন্দ্রা বন্দৰত । এই বন্দৰটো পৰিচালনা কৰে আদানি গোষ্ঠীয়ে । সোমবাৰে আদানিৰ বন্দৰৰ পৰি এই মাদক দ্ৰব্য বাজেয়াপ্ত কৰে ৰাজহ নির্দেশনালয়ৰ চোৰাংচোৱা বিভাগৰ (ডিআৰআই) বিষয়াই । মাদক দ্ৰব্যসহ গ্রেপ্তাৰ দুই ব্যক্তি ।

ডিআৰআই সূত্রে খবৰ, মুন্দ্রা বন্দৰত দুটা কন্টেনাৰ আহিছিল । কন্টেনাৰ দুটা পাউডাৰেৰে চিহ্নিত কৰা আছিল । কন্টেনাৰ দুটা কিয় চিহ্নিত কৰা হৈছে তাক লৈ সন্দেহ হয় ডিআৰআই-ৰ বিষয়াসকলৰ । সেয়ে তেওঁলোকে কন্টেনাৰ দুটা আটক কৰে ।

সেই কন্টেনাৰ খুলি বিষয়াসকলৰ চকু কপালত উঠে । দেখে এটা কন্টেনাৰত দুহেজাৰ কেজি মাদক দ্ৰব্য আছে । আনতোত এহেজাৰ কেজি । এই মাদক দ্ৰব্য আফগানিস্তানৰ । এইসমূহ ইৰানৰ পৰা কন্টেনাৰত ভৰাই জাহাজত উঠোৱা হয় । ডিআৰআই-য়ে জনাইছে, যি পৰিমাণৰ মাদক দ্ৰব্য ধৰা পৰিছে তাৰ বর্তমান বাজাৰমূল্য ১৯ হেজাৰ ৯০০ কোটি টকা ।

গুজৰাতত এই বিপুল পৰিমাণৰ মাদক দ্ৰব্য উদ্ধাৰ হোৱাৰ পাছত আহমেদাবাদ, দিল্লী, চেন্নাই, গান্ধীধাম আৰু মাণ্ডবীত তালাচী চলাইছে ডিআৰআই-ৰ বিষয়াসকলে । এই বিপুল পৰিমাণৰ মাদক দ্ৰব্য ক’ৰ পৰা অনা হৈছে তাৰ তদন্ত কৰিছে ডিআৰআই-য়ে ।

বিশ্বৰ সৰ্ববৃহৎ হেৰ’ইন উৎপাদক দেশ আফগানিস্তান । বিশ্বৰ মুঠ উৎপাদনৰ ৮০-৯০ শতাংশ এই দেশৰ পৰাই বিভিন্ন ঠাইলৈ পঠোৱা হয় । তালিবানে ক্ষমতাত অহাৰ পাছৰ পৰাই আফগানিস্তানত এই মাদকৰ উৎপাদন বহু গুণ বৃদ্ধি পাইছে বুলি বিভিন্ন ৰিপ’র্টত দাবী কৰা হৈছে ।

Exit mobile version