ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

a511c1f2 e981 11eb a58e c31d3a12ae0d 1628643133340 1628643142137

ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিছে ।

এদিনতে ৪৫৩জন দালালক গ্ৰেপ্তাৰ ।

ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা নিশা অভিযান চলাই দালালৰ লগতে ৰাজহ চক্ৰৰ কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

গুৱাহাটী মহানগৰীত ২২জন আৰু কামৰূপ জিলাৰ বিভিন্ন ঠাইৰ পৰা ৬০ জন দালালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

আনহাতে, ওদালগুৰিত পাঁচজন, লখিমপুৰত ১৩জন, ধুবুৰীত ২০জন, বঙাইগাঁওত ১৪জন, গোলাঘাটত ১২জন, কৰিমগঞ্জত ১৫জন দালালক গ্ৰেপ্তাৰ কৰা হৈছে ।

তদুপৰি, হোজাইত ১৯জন, ডিব্ৰুগড়ত ১৬জন, কাৰ্বি আংলঙত তিনিজন যোৰহাটত আঠজন আৰু শদিয়াত তিনিজন দালালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

নলবাৰীত ৩১জন, তিনিচুকীয়াত এজন, বিশ্বনাথত ২২জন, শোণিতপুৰত সাতজন, কোকৰাঝাৰত ২২জন, বৰপেটাত ৩৭জন, গোৱালপাৰাত ছজন দালালক গ্ৰেপ্তাৰ ।

মৰিগাঁৱত ২৭জন, নগাঁৱত ১৬জন, হাইলাকান্দিত ১২জন, কাছাৰত চাৰিজন, শিৱসাগৰত তিনিজন আৰু বজালীত ১৭জন দালালক গ্ৰেপ্তাৰ কৰা হৈছে ।

দালালৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব ।

Exit mobile version