চুলি ভালে ৰাখিবলৈ কিমান দিনৰ অন্তত ছেম্পু কৰিব?

2 Cropped Hands Of Hairdresser Washing Customer Hair At Salon

★চুলিৰ স্বাস্থ্য বজাই ৰাখিবলৈ কেইটামান বিষয়ত গুৰুত্ব দিয়াটো অতি জৰুৰী । চুলি স্বাস্থ্যৱান ৰাখিবলৈ যিদৰে পুষ্টিকৰ খাদ্য নিয়মিত তালিকাত ৰখাৰ প্ৰয়োজন, তেনেদৰেই চুলি পৰিষ্কাৰ কৰাৰ সময়ত কিছু কথা মনত নাৰাখিলে চুলি সৰা আৰু ৰুক্ষ হোৱাৰ দৰে নানা ধৰণৰ সমস্যাই দেখা দিব পাৰে।

★বহুলোকে চুলি পৰিষ্কাৰ ৰাখিবলৈ সপ্তাহত এদিন চেম্পু কৰে। অৱশ্যে, বহুলোকে চেম্পু কৰাৰ সঠিক উপায় নাজানে বুলি বিশেষজ্ঞসকলে কয়। ইয়াৰ ফলত চুলি ফাটি যোৱাৰ পৰা চুলি সৰাৰ দৰে বিভিন্ন সমস্যা হয়। গতিকে চেম্পু কৰাৰ আগতে চেম্পু কৰাৰ সঠিক পদ্ধতিবোৰ জনাটো গুৰুত্বপূৰ্ণ।

★চেম্পু কৰাৰ অৰ্থ কেৱল চুলি পৰিষ্কাৰ কৰা নহয়। চুলিৰ লগতে মূৰৰ ছাল পৰিষ্কাৰ কৰি ৰাখিবলৈ চেম্পু কৰাটো অতি গুৰুত্বপূৰ্ণ। বিশেষজ্ঞসকলে আঙুলিয়াই দিছে যে যদি মূৰৰ ছাল পৰিষ্কাৰ নহয়, তেন্তে উফি বা আন বহুতো সমস্যা হব পাৰে। গতিকে প্ৰথমে চুলিবোৰ পানীৰে ভালদৰে তিয়াই থোৱা প্ৰয়োজন। তাৰ পাছত হাতত চেম্পু লৈ ইয়াক মূৰৰ ছালত প্ৰয়োগ কৰক আৰু কমেও ৩০ ছেকেণ্ডৰ বাবে ইয়াক পাতলকৈ মালিচ কৰক। যাতে মূৰৰ ছালত জমা হোৱা লেতেৰা খিনি ওলায় যায়।

★ সকলো সময়তে কম পৰিমাণৰ চেম্পু ব্যৱহাৰ কৰাটো দৰকাৰ অত্যাধিক চেম্পু ব্যৱহাৰ কৰিলে চুলি খহটা হ’ব পাৰে। আপোনাৰ চুলি যিমানেই দীঘল নহওঁক কি, কম পৰিমাণৰ চেম্পুতে চুলি পৰিষ্কাৰ হ’ব।

★সপ্তাহত এদিন চেম্পু কৰে নে দুবাৰ কৰে সেয়া নিৰ্ভৰ কৰে আপোনাৰ চুলি কিমান লেতেৰা বা আপুনি ঘৰৰ বাহিৰত কিমান সময় অতিবাহিত কৰি আছে তাৰ ওপৰত। ই মূৰৰ ছালৰ চুলিৰ প্ৰকাৰ আৰু প্ৰকৃতিৰ ওপৰতো যথেষ্ট নিৰ্ভৰ কৰে। বহুক্ষেত্ৰত বহুলোকে প্ৰতিদিনে চেম্পু কৰিব লাগে। তেনে ক্ষেত্ৰত বিশেষজ্ঞসকলে অতি পাতল প্ৰকাৰৰ চেম্পু ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে। যি চেম্পুত ক্ষাৰৰ পৰিমাণ নাথাকে। প্ৰয়োজন হ’লে আপুনি চিকিৎসকৰ পৰামৰ্শও ল’ব পাৰে।

★ চুলি পৰিষ্কাৰ কৰাৰ পাছত চুলি শুকোৱাৰ ওপৰতো যথেষ্ট নিৰ্ভৰ কৰে। তিতা চুলি কেতিয়াও টানকৈ বান্ধিব নালাগে। বা গা ধোৱাৰ পাছত চুলি টাৱেলেৰে মচি নিদিব। বিশেষজ্ঞসকলে পাতল মোলায়াম কপাহৰ টাৱেল ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে।

বিশেষজ্ঞসকলৰ মতে, এই কেইটামান কাৰকৰ যত্ন ল’লে বিভিন্ন বাহ্যিক চুলিৰ সমস্যা সহজে প্ৰতিৰোধ কৰিব পাৰে।

Exit mobile version