Shilpa Shetty Raj Kundra:ভাঙি পৰিলে ৬২দিনৰ পাছত ‘মুক্ত’ স্বামী ৰাজ কুন্দ্ৰা, কি ‘বাৰ্তা ‘ দিলে শিল্পা চেট্টীয়ে?

raj shilpa 1 630x354 1

পৰ্ণ ফিল্মৰ কাণ্ডত সোমাবাৰে জানিম পালে শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই একেৰাহে দুমাহৰ পাছত জামিনত মুক্তি লাভ কৰিছিল ৰাজ কুন্দ্ৰা ।কাৰাগাৰৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ সন্মুখত ভাঙি পৰা দেখা গল ৰাজ কুন্দ্ৰাক ।

সপ্তাহটোৰ আৰম্ভণিতে সোমাবাৰে ৫০,০০০ টকাৰ পৰ্ণ গোচৰত অভিযুক্ত ব্যৱসায়ী ৰাজ কুন্দ্ৰাক জামিন প্ৰদান কৰে মুম্বাইৰ আদালতে । ইয়াৰ পাছতে ইনষ্টাগ্ৰাম স্তৰীত নিজৰ প্ৰতিক্ৰিয়া জনালে অভিনেত্ৰী শিল্পা চেট্টীয়ে ।

তেওঁ এটা নিৰ্দিষ্ট উদ্ধৃতি শ্বেয়াৰ কৰে আৰু তাত লিখা আছিল, “ৰামধেনুৰ অস্তিত্বই প্ৰমাণ কৰে যে বেয়া ধুমুহাৰ পাছত ভাল ঘটনাও ঘটে৷”

ৰাজ কুন্দ্ৰাক মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই ১৯ জুলাইত পৰ্ণগ্ৰাফীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল৷ গ্ৰেপ্তাৰ হৈছিল আন ১১গৰাকীও ৷ বাৰে বাৰে জামিনৰ আবেদন ৰখা স্বত্বেও আদালতে ৰাজ কুন্দ্ৰাক জামিন প্ৰদান কৰা নাছিল৷

যোৱা ১৬ ছেপ্টেম্বৰত পৰ্ণগ্ৰাফি গোচৰত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰে মুম্বাই অপৰাধ শাখাৰ প্ৰপাৰ্টি ছেলে ৷ ১৪০০ পৃষ্ঠাৰ পৰিপূৰক অভিযোগপত্ৰখনত ৰাজৰ পত্নী আৰু বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীকে ধৰি ৪৩ জন সাক্ষীৰ ভাষ্য উল্লেখ কৰা হৈছে৷

ৰাজ কুন্দ্ৰাই যোৱা শনিবাৰে পুনৰ জামিনৰ বাবে আবেদন কৰিছিল৷ তেওঁ অভিযোগ কৰিছিল যে তেওঁক বলিৰ পাঠা বনোৱা হৈছে৷পৰ্ণ কনটেণ্ট তৈয়াৰ ক্ষেত্ৰত তেওঁ সক্ৰিয়ভাৱে জড়িত থকাৰ কোনো প্ৰমাণ আৰক্ষীৰ অভিযোগপত্ৰত দেখাব নোৱাৰে বুলি দাবী কৰে ৰাজ কুন্দ্ৰাই ।

অপৰাধ শাখাই দাবী কৰা মতে,ৰাজ কুন্দ্ৰাৰ পৰা ১০০ তকৈও অধিক ভিডিঅ’ লাভ কৰিছে আৰু সেইয়া প্ৰায় ন কোটি টকাৰ বিনিময়ত বিক্ৰী কৰাৰ পৰিকল্পনাউ আছিল শিল্পাৰ স্বামী ৰাজৰ।

সম্প্ৰতি গণেশ পূজাত শিল্পাক সামাজিক মাধ্যমত তেওঁৰ সন্তানৰ স’তে দেখা গৈছিল। কেৱল সেয়াই নহয়, শিল্পাই জম্মু-কাশ্মীৰৰ কাটৰাৰ বৈষ্ণো দেৱী মন্দিৰতো প্ৰাৰ্থনা কৰিবলৈও গৈছিল৷

Exit mobile version