কোনে আনিছে ম্যানমাৰৰ নাগৰিকক

Screenshot 172

ৰহিংগীয়াৰ অনুপ্রবেশক লৈ অব্যাহত সতর্কতাৰ মাজতে গুৱাহাটীত যােৱা ১২ ছেপ্টেম্বৰত ম্যানমাৰৰ চিন উপ-জাতিৰ ২৬ জনীয়া এটা দল গ্রেপ্তাৰৰ ঘটনাই গৃহ মন্ত্রণালয়কো জোঁকাৰিছে।

সেয়েহে সম্প্রতি কাৰাবন্দী হৈ থকা যুৱক-যুৱতীৰ এই দলটোক কেন্দ্রীয় তদন্তকাৰী একাধিক সংস্থাই ইতিমধ্যে জেৰা কৰিছে। সমান্তৰালভাৱে অসম আৰক্ষীৰ জেৰাও অব্যাহত আছে।

এনে জেৰাত নতুন এই অনুপ্ৰৱেশকাৰীসকলৰ ক্ষেত্ৰত পােহৰলৈ আহিছে ইয়াৰ অন্তৰালত থকা ষড়যন্ত্রৰ তথ্য। উল্লেখ্য যে ম্যানমাৰৰ চিন প্রদেশৰ ফালাম জিলাৰ বাসিন্দা বুলি ধৃত যুৱক-যুৱতীৰ দলটোৰ পৰিচয় শেহতীয়াকৈ উদ্ধাৰ হৈছে। দলটোত আছে ১৬ জন যুৱক আৰু ১০ গৰাকী যুৱতী।

মহানগৰীৰ ৰিহাবাৰীৰ এটা ল’জৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰা দলটোৰ পৰা উদ্ধাৰ কৰা ভাৰতীয় সকলাে জাল নথি মিজোৰামত এটা চক্রই তেওঁলােকৰ হাতত তুলি দিছিল। উক্ত চক্ৰটোৱে ভাৰতত চিন। উপজাতিৰ লােকক কৌশলেৰে নাগৰিকত্ব প্রদানৰ কাম কৰি আহিছে বুলি আৰক্ষী সূত্রত প্রকাশ।

সূত্ৰটোৱে লগতে সদৰী কৰে যে মিজোৰামৰ চাৰ্খাই জিলাৰে ম্যানমাৰৰ পৰা যােৱা আঠ আৰু ন ছেপ্টেম্বৰত এই দলটোৱে ভাৰতত প্ৰৱেশ কৰিছিল। অনুপ্রৱেশৰ পাছতে তেওঁলােকৰ হাতত তুলি দিয়া হৈছিল ভাৰতীয় টকা, জাল ভাৰতীয় ভােটাৰ কার্ড, আধাৰ কার্ড, শিক্ষানুষ্ঠানৰ প্রমাণপত্র।

মিজোৰামত এদিন কটোৱাৰ পাছত তেওঁলােকক দুখন বিলাসী বাহনেৰে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল। এক্স ইউ ভি ছিৰিজৰ বাহন দুখনেৰে মহানগৰীত উপস্থিত হৈ দলটো দিল্লীলৈ যােৱাৰ কথা আছিল। দলটোৰ হাতৰ পৰা আইজলৰ ‘ফেইথথিয়’লজিকেল কলেজ এণ্ড মিছনৰ শিক্ষার্থীৰ প্রমাণপত্রও উদ্ধাৰ হয়।

পৰৱৰ্তী সময়ত সেয়াও জাল বুলি আৰক্ষীয়ে নিশ্চিত কৰে। ইপিনে, ধৃত যুৱক-যুৱতীসকলে আৰক্ষীৰ আগত সদৰী কৰে যে তেওঁলােক দিল্লীলৈ যােৱাৰ কথা আছিল। বাইবেলৰ ওপৰত ধর্মীয় শিক্ষা গ্রহণৰ উদ্দেশ্যেই দিল্লীলৈ যাব বিচাৰিছিল বুলিও কয়।

সেই শিক্ষা গ্রহণৰ পাছত কি কৰিলেহেঁতেন ? এই প্রশ্নৰ উত্তৰত আৰক্ষী সূত্ৰটোৱে জনায় যে ইয়াৰ উত্তৰ এই পর্যন্ত স্পষ্ট হােৱা নাই; কিন্তু ধৃত দলটোৰ একাংশই ইংগিত দিয়ে যে তেওঁলােকক ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰধানকৈ জনজাতীয় অধ্যুষিত অঞ্চলত ধর্ম প্রচাৰৰ কামত নিয়ােজিত কৰাৰ কথা আছিল।

উল্লেখ্য যে ম্যানমাৰত দেশখনৰ সেনাই চিন উপ-জাতিৰ লােকসকলক দীর্ঘদিনৰ পৰা নির্যাতন চলােৱাৰ অভিযােগ উত্থাপিত হৈ আহিছে। তেনে নির্যাতনৰ ফলতে স্বদেশৰ পৰা পলায়ন কৰি মিজোৰামত বহু চিন লােকে অনুপ্রৱেশ কৰি আহিছে।

খ্রীষ্টীয়ান ধৰ্মাৱলম্বী সেইসকল লােক মিজোৰামত শৰণার্থী হিচাপে বাস কৰি আহিছে। এনে অনুপ্ৰৱেশ ৰােধ কৰিবলৈ ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলেও সম্পূর্ণ সফল হ’ব পৰা নাই। ইপিনে, মিজোৰামেও অনুপ্রৱেশকাৰীৰ সংখ্যা বৃদ্ধি নহ’বলৈ সতর্কতা অৱলম্বন কৰি আহিছে।

তেনে ক্ষেত্ৰত নতুন অনুপ্রৱেশকাৰীক জাল নথিৰে সংগঠিত চক্রই ভাৰতৰ নাগৰিকত্ব প্রদানৰ চক্রান্ত অব্যাহত ৰাখিছে। তাৰ বাবে ধৰ্মক আলম কৰি লােৱা হৈছে। ইপিনে, মিজোৰামত দলটোৱে ভাৰতৰ নাগৰিকত্বৰ জাল নথি সংগ্রহ কৰাৰ তথ্য পােহৰলৈ অহাৰ পাছত অস্বস্তিত পৰিছে ৰাজ্যখনৰ চৰকাৰ আৰু আৰক্ষী।

সেয়েহে মিজোৰামৰ আৰক্ষীৰ মুখ্য কার্যালয়ৰ আৰক্ষী মহা পৰিদৰ্শক জন নেইলায়াই অসম আৰক্ষীলৈ শেহতীয়াভাৱে জৰুৰী এক পত্ৰ প্রেৰণ কৰিছে। উক্ত পত্ৰত উল্লেখ কৰা হৈছে যে মিজোৰামত ভাৰতৰ নাগৰিকত্বৰ জাল নথি প্ৰস্তুত কৰা চক্ৰৰ তথ্য তেওঁলােকৰ হাতত নাই।

চুবুৰীয়া ৰাজ্য মণিপুৰৰ লগতে দিল্লী, কর্ণাটকসহ কেইখনমান ৰাজ্যতহে এনে চক্র সক্রিয়তাৰ বিষয়ে তেওঁলােক অৱগত। সেয়েহে ২৬ জনীয়া দলটোৰ পৰা উদ্ধাৰ কৰা জাল নথিবােৰৰ উৎস মিজোৰাম বুলি পােহৰলৈ অহাত ৰাজ্যখনৰ আৰক্ষী উদ্বিগ্ন হােৱা বুলি পত্ৰখনত উল্লেখ কৰা হৈছে।

ভাৰতীয় দণ্ড বিধি, বিদেশী আইন, পাছপাের্ট আইন আৰু পাছপাের্ট বিধিৰ অধীনত গ্রেপ্তাৰ কৰা দলটোক কোনে পৃষ্ঠপােষকতা কৰিছিল, বিলাসী বাহনেৰে কোনে গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল, সেইবােৰৰ অনুসন্ধান অসম আৰক্ষীৰ লগতে কেন্দ্রীয় সংস্থায়াে অব্যাহত ৰাখিছে।

বিশেষকৈ ধর্মীয় শিক্ষা গ্রহণৰ পাছত তেওঁলােকক তাৰ প্ৰচাৰৰ বাবে নিয়ােগৰ আশ্বাস দিয়াৰ বিষয়টোক অত্যন্ত গুরুত্বসহকাৰে লৈছে তদন্তকাৰী সংস্থাবােৰে।

Exit mobile version