তামাৰহাটত চোৰাংকৈ অনা পাঁচটাকৈ গৰু জব্দ। আজি দিনৰ ভাগতে গৰু পাঁচটা গংগাধৰ নদী পথেদি লৈ যোৱাৰ সময়তে আৰক্ষীয়ে আটক কৰে।
পশ্চিমবঙ্গৰ পৰা গংগাধৰ নদী পাৰ কৰি তামাৰহাটৰ নমধৰত আনি থকাৰ পথতে আটক কৰে আৰক্ষীয়ে। গৰু পাঁচটা আৰক্ষীয়ে জব্দ কৰি হাতীধুৰা খোৱাৰত জমা দিয়ে। অৱশ্যে আৰক্ষীয়ে কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই।