তিনিদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰীৰ বিদেশ যাত্ৰা

img 1

বহু চর্চিত আমেৰিকা ভ্ৰমণত ৰাওনা হ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদী ৷ কৰ’না অতিমাৰীৰ মাজত এয়ে প্রথমবাৰ কোনো বিদেশ ভ্ৰমণ কৰিছে প্রধানমন্ত্রী ৷ এইবাৰৰ ভ্ৰমণৰ তেওঁৰ মূল উদ্দেশ্য মার্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ স’তে মুখামুখি বৈঠক ৷ ক্ষমতাত অহাৰ পাছত এয়ে প্রথমবাৰ প্ৰধানমন্ত্ৰী মোদীৰ স’তে বৈঠকত মিলিত হ’ব বাইডেন ৷ মার্কিন ৰাষ্ট্ৰপতিৰ ওপৰিও অষ্ট্ৰেলিয়া আৰু জাপানৰ প্রধানমন্ত্রীৰ স’তেও দ্বিপাক্ষিক বৈঠকত অংশ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ তিনিদিনীয়া ভ্ৰমণসূচী প্রধানমন্ত্রীৰ ৷

আজি এয়াৰ ইণ্ডিয়া ৱান বিমানত মার্কিন ৰাষ্ট্ৰত ভৰি দিছে প্রধানমন্ত্রীয়ে ৷ আমেৰিকা যোৱাৰ পথত আফগানিস্তানৰ আকাশ মাৰ্গ এৰি যাব প্রধানমন্ত্রীৰ বিমানে ৷ কাৰণ তালিবান ক্ষমতাত অহাৰ পাছত আফগানিস্তানৰ আকাশ নিৰাপদ নহয় বুলিয়ে অনুমান কৰিছে ভাৰতৰ নিৰাপত্তা এজেন্সিবোৰে ৷ অৱশ্যে প্রধানমন্ত্রী মোদীৰ বিমান যাবৰ বাবে পাকিস্তানে তেওঁলোকৰ আকাশসীমা ব্যৱহাৰৰ অনুমতি দিছে ৷

আমেৰিকালৈ ৰাওনা হোৱাৰ আগতে প্রধানমন্ত্রী মোদীয়ে জনায়, ‘এই ভ্ৰমণে আমেৰিকাৰ স’তে আমাৰ কৌশলগত বুজাবুজি আৰু শক্তিশালী কৰাৰ সুযোগ দিব ৷ তদুপৰি জাপান আৰু অষ্ট্ৰেলিয়াৰ স’তেও সম্পর্ক কটকীয়া হ’ব ৷’ মার্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ উপৰিও উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ স’তেও প্রধানমন্ত্রীয়ে সাক্ষাৎ কৰিব ৷

আফগানিস্তান পৰিস্থিতিৰ লগতে প্রধানমন্ত্রীৰ এই ভ্ৰমণত চীনৰ আগ্রাসী মনোভাব সম্পৰ্কেও মার্কিন ৰাষ্ট্ৰপতিৰ স’তে আলোচনা কৰা হ’ব ৷ কাৰণ চীনৰ এই আগ্রাসী নীতি ভাৰত আৰু আমেৰিকা, দুই দেশৰ বাবেই উদ্বেগৰ কাৰণ ৷ জ’ বাইডেনৰ উদ্যোগত আয়োজিত কৰ’নাৰ শীর্ষ সম্মেলনতো প্রধানমন্ত্রী মোদী আৰু বৈদেশিক সচিব হর্ষবর্ধন শ্রিংগলাই অংশগ্ৰহণ কৰিব ৷ লগতে মার্কিন কর্প’ৰেট সংস্থাবোৰৰ শীর্ষ কর্তাসকলৰ স’তেও বৈঠকত মিলিত হ’ব ভাৰতৰ প্রধানমন্ত্রী ৷

অহা ২৪ ছেপ্টেম্বৰত নিউ ইয়র্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাতো বক্তব্য দিব প্রধানমন্ত্রীয়ে ৷ মূলত কৰ’না অতিমাৰীৰ বিৰুদ্ধে যুঁজ, জলবায়ু পৰিৱর্তন আৰু অন্যান্য কিছুসংখ্যক গুৰুত্বপূর্ণ বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে বক্তব্য ৰাখিব ৷ যোৱাবাৰ ২০১৯ৰ ছেপ্টেম্বৰত আমেৰিকা গৈছিল প্রধানমন্ত্রী মোদী । সেই ভ্ৰমণত আমেৰিকাৰ তৎকালীন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ স’তে হিউষ্টনত ‘হাউডি মোদী’ অনুষ্ঠানত অংশ লৈছিল প্রধানমন্ত্রী ৷

Exit mobile version