পুৰীৰ মন্দিৰৰ সন্মুখত গুপ্তধনৰ সন্ধানত চলিছে খনন

পুৰীৰ জগন্নাথ মন্দিৰৰ সন্মুখত পুনৰ গুপ্তধনৰ সন্ধানত খননকার্য আৰম্ভ কৰা হৈছে। পুৰীৰ কালেক্টৰ, ছাব-কালেক্টৰ আৰু আৰক্ষী বিষয়াৰ নেতৃত্বত এই খননকার্য চলাইছে প্রত্নতত্ত্ব বিভাগে।

মন্দিৰটোত বিপৰীত দিশত ইমাৰ মঠৰ মােহান্তৰ দায়িত্বত থকা নাৰায়ণ ৰামানুজ দাসে এই গুপ্তধনৰ সন্ধান চলাবলৈ অনুৰােধ জনাই চৰকাৰলৈ পত্র লিখিছিল। ১০ বছৰ পূর্বেও ২০১১ত পুৰীৰ মন্দিৰৰ বিপৰীত দিশত গুপ্তধনৰ সন্ধান লাভ কৰা হৈছিল।

সেই সময়ত ইমাৰ মঠৰ মেৰামতিৰ কামত নিযুক্ত দুজন শ্রমিকে ৩০ কিলােগ্রাম ওজনৰ দুটা ৰূপৰ বাতি উদ্ধাৰ কৰিছিল। পৰৱর্তী খননকার্যত ৰূপৰ বহু সা-সামগ্রী উদ্ধাৰ কৰা হৈছিল।

জগন্নাথ মন্দিৰৰ সিংহদুৱাৰৰ ঠিক সন্মুখতে আছে ইমাৰ মঠ। পাঁচ একৰ ভূমিত নির্মিত এই ইমাৰ মঠত একাধিকবাৰ গুপ্তধনৰ সন্ধান লাভ কৰা হৈছিল। ২০১১ৰ ২৬ ফেব্ৰুৱাৰীত মঠৰ ভূমিৰ তলৰ পৰা ১৮ টন ৰূপ উদ্ধাৰ কৰা হৈছিল।

সেই সময়ত এই ৰূপখিনিৰ বজাৰ মূল্য আছিল ৯০ কোটি টকা। যােৱা এপ্রিলতাে ৩৫ কিলােগ্রাম ৰূপ এই মঠৰ ভূমিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছিল।

Exit mobile version