প্ৰথমবাৰৰ বাবে পাকিস্তানত প্ৰশাসনিক সেৱাত নিযুক্তি প্ৰদান হিন্দু যুৱতীক

Dr sana

পাকিস্তানৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী হিন্দু যুৱতীয়ে দেশখনৰ সৰ্বোচ্চ প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’ল । ২৭ বছৰীয়া চিকিৎসক যুৱতী ছনা ৰামচন্দ্ৰ গুলবানীয়ে চেণ্ট্ৰেল ছুপেৰিয়ৰ ছাৰ্ভিচেছ (চি এছ এছ)ৰ পৰীক্ষাত যোৱা মে’তে উত্তীৰ্ণ হৈছিল । শেহতীয়াভাৱে ডাঃ ছনাই অসামৰিক সেৱাৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰিলে ।

পাকিস্তানৰ অসামৰিক সেৱাৰ পৰীক্ষা হিচাপে চি এছ এছ যথেষ্ট কঠিন । এই পৰীক্ষাৰ মাধ্যমৰে পাকিস্তানত অসামৰিক সেৱাৰ বিভিন্ন পদত নিযুক্ত প্ৰদান কৰা হয় । চি এছ এছত অৱতীৰ্ণ হোৱা মুঠ প্ৰাৰ্থীৰ মাত্ৰ দুই শতাংশহে সফলতা লাভ কৰি আহিছে ।

ডাঃ ছনা মূলত চিকাৰপুৰৰ বাসিন্দা । সংবাদ মাধ্যমৰ স’তে হোৱা সাক্ষাৎকাৰত ডাঃ ছনাই কয়, ‘ম‌ই যথেষ্ট আনন্দিত । এয়া মোৰ প্ৰথম পদক্ষেপ আছিল আৰু প্ৰথমবাৰতে ম‌ই চি এছ এছ লাভ কৰিলো । এই পৰীক্ষাত সফলতা লাভৰ বাবে ম‌ই বহু কষ্ট কৰিছিলো । মোৰ পৰিয়ালে অৱশ্যে ম‌ই প্ৰশাসনিক সেৱালৈ অহাতো বিচৰা নাছিল । তেওঁলোকে মোক চিকিৎসক হিচাপে কৰ্মৰত হোৱাতো বিচাৰিছিল । কিন্তু ম‌ই এগৰাকী চিকিৎসক হোৱাৰ পাছতো প্ৰশাসনিক সেৱাত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰিলো ।’

উল্লেখ্য যে ছনা এগৰাকী শল্য চিকিৎসক হোৱাৰ লগতে তেওঁ ইউৰ’ল’জী বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী চিকিৎসক । ডাঃ ছনাই চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু চি এছ এছ পৰীক্ষাত সফলতা লাভৰ পাছত তেওঁ কয় যে চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে নিজকে কেতিয়াও দুৰ্বল বা হীন ভবা অনুচিত । পাকিস্তানৰ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী হিন্দু যুৱতী ডাঃ ছনা সম্প্ৰতি কৰাচীৰ বাসিন্দা ।

Exit mobile version