মে’ৰ পৰাই এনডিএ দুৱাৰ মুকলি হ’ব মহিলাসকলৰ বাবে

1307280 Wallpaper2

নেচনেল ডিফেন্স একাডেমী বা এনডিএ-ত মহিলা কেডেট যোগ দিয়াৰ ব্যৱস্থা আৰম্ভ হৈছে । ২০২২ৰ মে’ৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ইচ্ছুক মহিলাসকলে, সম্প্রতি দেশৰ শীর্ষ আদালতক এক হলফনামাত জনালে কেন্দ্র‌ই । হলফনামা অনুসৰি, ২০২২ৰ মে’ৰ পৰা মহিলাসকলে দেশৰ তিনটা প্রতিৰক্ষা ক্ষেত্রতেই যোগ দিয়াৰ পৰীক্ষাত বহিব পাৰিব । সাধাৰণতে এনডিএ-ৰ প্রৱেশিকা পৰীক্ষা বছৰত দুবাৰ অনুষ্ঠিত হয় । প্রতিৰক্ষা মন্ত্রণালয়ৰ সূত্রে খবৰ, ২০২২ৰ মে’তেই যাতে মহিলাসকলে পৰীক্ষা দিবৰ বাবে সুস্থ ব্যৱস্থা কৰা হয় তাৰ বাবে নির্দেশনাও তৈয়াৰ কৰা হৈছে ।

এনডিএৰ প্রৱেশিকা পৰীক্ষাত মহিলাসকলে অৱতীৰ্ণ হোৱাৰ অনুমতি নাই, এই মর্মে শীর্ষ আদালতত আবেদন কৰিছিল অধিবক্তা কুশ কালৰাই । সেই আবেদনৰ শুনানিতেই যোৱ আগষ্টত ন্যায়াধীশ এছ কে কৌল আৰু ন্যায়াধীশ হৃষিকেশ ৰায়ৰ বেঞ্চে ৰায় দিয়ে যে মহিলাসকলৰ এই প্রৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সম্পূর্ণ অধিকাৰ আছে । বৰঞ্চ তেওঁলোকক পৰীক্ষা দিবলৈ অনুমতি নিদিয়া বৈষম্যমূলক মনোভাবৰ পৰিচয় । আদালতৰ তৰফৰ পৰা পৰীক্ষাৰ ব্যৱস্থা কৰাৰ বাবে অন্তর্ৱর্তী নির্দেশ দিয়া হয় কেন্দ্রক । সেই নির্দেশ অনুসৰিয়ে বর্তমান সিদ্ধান্ত প্রতিৰক্ষা মন্ত্রণালয়ৰ ।

আদালতক দিয়া হলফনামাত কেন্দ্র‌ই জনাইছিল, মহিলাসকলৰ শাৰীৰিক সক্ষমতাৰ উপযুক্ত মান কি হ’ব, সেয়া স্থিৰ কৰা হৈছে । লগতে, পুৰুষ কেডেট আৰু মহিলা কেডেটসকলৰ থকা ঠাইৰ পৃথক ব্যৱস্থা কৰা হৈছে । মহিলাসকলৰ বাবে পৃথক প্রশিক্ষণৰো ব্যৱস্থা কৰা হ’ব ।

Exit mobile version