Health Benefits of Curry Leaves: ডায়েবেটিচ সমস্যা ?দৈনিক খাওক ১৫-২০টা নৰসিংহ পাত

curry leaves 1296x728 header

ৰন্ধনত নৰসিংহ পাত সকলোৱে ব্যৱহাৰ কৰে। ইয়াৰ গোন্ধই খাদ্যক আৰু সুস্বাদু কৰি তোলে ।কিন্তু শৰীৰত এই নৰসিংহ পাতৰ প্ৰভাৱ কিমান ?

কেইটামান গৱেষণাত নৰসিংহ পাতৰ নানা উপাদান প্ৰকাশ পাইছে । ইয়াৰ বেছি ভাগেই শৰীৰক লাভাম্বিত কৰে ।চাওক সেইসমূহ কি কি ?

★যি সকলে নিয়মিত নৰসিংহ পাত খায়, তেওঁলোকৰ ওজন নিয়ন্ত্ৰণ থাকে। নৰসিংহ পাতৰ ৰস কৰি খালে আৰু ভাল ফল পোৱা যায়। ১৫-২০ টা নৰসিংহ পাত এক গিলাচ পানীত ১০মিনিট ধুৱাই থৈ পানীখিনি চেকণিৰে চেকি তাত মৌ আৰু নেমু ৰস মিলাই সেৱন কৰিব পাৰে।এনেদৰে কেইদিনমান এই ৰস খালে আপোনাৰ ওজন কমিব ।

★খাদ্যত নিয়মিত নৰসিংহ পাত মিহলাই খালে ডায়েবেটিচ সমস্যা হ্ৰাস হয়।এনেদৰে নকৰি কেইটামান নৰসিংহ পাত একেলগে ভাজি চুবাই খালেও ভাল ফলাফল পোৱা যায়।

★কেৱল ডায়েবেটিচ বা ওজন নিয়ন্ত্ৰণ নহয়, নৰসিংহ পাতৰ আৰু গুণ আছে যেনে চুলি সৰাৰ সমস্যা ।নাৰিকল তেলত নৰসিংহ পাত গৰম কৰি ,সেই তেল মূৰত মালিচ কৰিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

Exit mobile version