অষ্ট্ৰেলিয়াৰ স’তে ব্ৰিটেইন, আমেৰিকাৰ জোঁটত নাথাকিব ভাৰত তথা জাপান, স্পষ্ট কৰিলে হোৱাইট হাউছে

jen psaki 0920211

অষ্ট্ৰেলিয়াৰ স’তে জোঁটবন্ধনৰ কথা আগতেই ঘোষণা কৰিছিল আমেৰিকা আৰু ব্রিটেইনে । ভাৰত-প্রশান্ত মহাসাগৰীয় এই জোঁটত ভাৰত বা জাপান থাকিব নে নাই, তাক লৈ প্রশ্ন উত্থাপন হৈছিল । জ’ বাইডেন প্রশাসনৰ তৰফৰ পৰা জনোৱা হৈছে, ভাৰত বা জাপানে এই চুক্তিত থকাৰ কোনো সম্ভাৱনা নাই । ব্রিটেইন, আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ ত্রিপাক্ষিক ‘আউকুছ (এ ইউকে ইউএছ)’ জোঁট তিনি দেশৰ মাজতেই সীমাবদ্ধ থাকিব ।

বাইডেন প্রশাসনৰ তৰফৰ পৰা জেন ছাকিয়ে কয়, ‘‘এই চুক্তি ঘোষণাৰ সময়তেই স্পষ্টভাৱে কোৱা হৈছিল, তিনি শক্তিয়ে একেলগে ভাৰত মহাসাগৰ আৰু প্রশান্ত মহাসাগৰীয় ৰাজনীতিত কাম কৰিব । এই তিনখন দেশৰ মাজত অন্য কোনো দেশৰ অন্তর্ভুক্তি সম্ভৱ নহয় ।’’ প্রাথমিকভাৱে এই প্রশ্ন উঠিছিল ফ্রান্সৰ যোগদানৰ বিষয়টোক লৈ । পাছত সাংবাদিকসকলে প্রশ্ন কৰে, এই ত্রিপাক্ষিক জোঁটত জাপান বা ভাৰতৰ ভূমিকাক লৈও । সাংবাদিকসকলে কয়, চতুর্দেশীয় অক্ষ (কোৱাড) সন্মীলনত জাপান, ভাৰত আছে, তেন্তে এই দেশসমূহ এই জোঁটত আহিব । এই বিষয়ত তাত আলোচনা হ’ব নেকি ? সেই প্রশ্নৰ উত্তৰতেই বুধবাৰে ছাকিয়ে স্পষ্টভাৱে কয় যে, তিনি দেশৰ জোঁটত আৰু নতুন কোনো সদস্য সংযোজনৰ সম্ভাৱনা নাই ।

এই ত্রিপাক্ষিক চুক্তিৰ ফলতেই অষ্ট্ৰেলিয়াই লাভ কৰিব পৰমাণু অস্ত্র বহনকাৰী ডুবাৰোজাহাজ । প্রথমবাৰৰ বাবে এই দ্বীপৰাষ্ট্র‌ই লাভ কৰিব ডুবাৰোজাহাজখন । ইয়াক লৈয়ে অসন্তুষ্ট চীন । আমেৰিকাই এই ত্রিপাক্ষিক চুক্তি ঘোষণা কৰাৰ সময়ত আন্তর্জাতিক মহলে দাবী কৰিছিল, ভাৰত মহাসাগৰত চীনৰ ‘ক্ষমতা’ হস্তক্ষেপ কৰিব বিচাৰিছে আমেৰিকা আৰু ব্রিটেইনে, সেয়ে এই চুক্তি কৰা হৈছে । আমেৰিকাই কৈছিল, শান্তি আৰু আন্তর্জাতিক সংহতি বজায় ৰাখিবলৈ এই চুক্তি । চীন এই কথাত অমান্তি হয় । চীনৰ মতে, ইয়াৰ ফলত এছিয়াৰ শান্তি বিঘ্নিত হ’ব । চুক্তিৰ বিৰোধিতা কৰিছে ফ্রান্সেও।

Exit mobile version