ইউএলবিৰ মুখ্য সেনাধ্যক্ষ প্ৰিনজিৎ বসুমতাৰীঃ পানেছৰৰ দাবী

ULB

কোকৰাঝাৰৰ উল্টাপানীত দুই সন্দেহজনক ইউএলবি সদস্যক আৰক্ষীয়ে সংঘৰ্ষত গুলীয়াই নিহত কৰাৰ ঘটনাক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে কালি সংগঠনটোৰ তিনিজন সদস্যক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে জনোৱা মতে, কালি এক বিশেষ অভিযান চলাই তিনিজন ইউএলবি সদস্যক আটক কৰা হয় । তেওঁ জনোৱা মতে, প্ৰথমতে টিপকাইৰ বগৰীবাৰীৰ পৰা দৈদুন ব্ৰহ্মক আটক কৰা হয় । তদুপৰি তেওঁৰ ঘৰৰ পৰা এযোৰ কেম’ফ্লেজ পোছাক উদ্ধাৰ হয় । সোধ-পোছৰ অন্তত ব্ৰহ্ম‌ই সকলো কথা স্বীকাৰ কৰে আৰু কয় যে ইউএলবিৰ ভাবুকিপূৰ্ণ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ।

ইউএলবিৰ মুখ্য সেনাধ্যক্ষ প্ৰিণজিৎ বসুমতাৰীৰ ঘৰ গোসাঁইগাঁৱত । বসুমতাৰীৰ বিৰুদ্ধে হত্যা, অপহৰণকে ধৰি কমেও ১০ টা গোচৰ ৰুজু হৈ থকা বুলি সদৰী কৰে পানেছাৰে । ভিডিঅ’ গ্ৰহণ কৰাৰ সময়ত প্ৰিণজিতৰ উপৰি দুব্ৰি ব্ৰহ্ম, ফুংখা ব্ৰহ্ম, দৈদুন ব্ৰহ্ম, সুদেম ব্ৰহ্ম আদি সদস্যসকল আছিল । তেওঁলোকক কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত থকা বুলি সদৰী কৰে পানেছাৰে । ইতিমধ্যে ধৃত আনন্দ নাৰ্জাৰী ওৰফে অব্ৰা, সাজাৰাম ব্ৰহ্ম ওৰফে ৰমাই আৰু দৈদুন ব্ৰহ্মক সোধ-পোছ কৰি থকা বুলিও তেওঁ কয় ।

Exit mobile version