উভতিছে ক্ৰীড়াৰ পৰিৱেশ, বজালীত আৰম্ভ ১৭ অনুৰ্ধ্ব ফুটবল প্ৰতিযোগিতা

ক’ভিডকালীন দুঃসময়ে বিধ্বস্ত কৰা সামাজিক পৰিৱেশ কাংক্ষিত ধৰণে ইতিবাচক দিশলৈ পৰ্যবসিত হোৱাত ক্ৰীড়াক্ষেত্ৰলৈ উভতিব ধৰিছে পূৰ্বৰ সেই সুদিন । বজালী ক্ৰীড়া সন্থাৰ উদ্যোগত স্থানীয় চৌখুটী হাইস্কুলৰ খেল পথাৰত আজিৰে পৰা অনুষ্ঠিত হোৱা ১৭ বছৰৰ অনুৰ্ধ্বৰ ফুটবল প্ৰতিযোগিতা উদ্ধোধন কৰি বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে উক্ত মন্তব্য প্ৰকাশ কৰে ।

আন্তঃক্লাৱ, আন্তঃশিক্ষানুষ্ঠান ফুটবল প্ৰতিযোগিতাখনৰ প্ৰাকমুহূৰ্তত ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি চিন্ময় শৰ্মাই । আজি অনুষ্ঠিত খেলত ৰৈচুমৈ ক্লাৱে ফিঙুৱাগড় ফুটবল কোচি চেন্টাৰক টাই বেকাৰ পদ্ধতিত ৪-২ গলৰ ব্যৱধানত পৰাজিত কৰে ।

উল্লেখ্য এই প্ৰতিযোগিতাত খাৰাধৰা আঞ্চলিক ক্ৰীড়া সন্থা, ফিঙুৱাগড় ফুটবল কোচি চেন্টাৰ ৰৈচুমৈ ক্লাৱ, লেচেৰা, উত্তৰ-পূব বজালী পিপলা, গণকপুখুৰী, ইয়ং ষ্টাৰ ক্লাৱ, দক্ষিণ বাঃ সেৱা সংঘ, বজালী ফুটবল একাডেমী, দৈশিঙৰী ফুটবল কোচিং চেন্টাৰ, উপৰনৈ, এফ চি সৰুপেটা আৰু আঞ্চলিক ক্ৰীড়া সন্থাই অংশগ্ৰহণ কৰিছে ।

কাইলৈ প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হ’ব উত্তৰ-পূব বজালী পিপলা আৰু ইয়ং ষ্টাৰ ক্লাৱ গণকপুখুৰীৰ মাজত ।

Exit mobile version