গুৱাহাটীত উদ্যোগপতি-ব্যৱসায়ীসকলৰ মত-বিনিময় বৈঠক

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে ২৪ ছেপ্টেম্বৰত গুৱাহাটীত উদ্যোগপতি আৰু ব্যৱসায়ীসকলেৰে মত-বিনিময়মূলক বৈঠকৰ আয়োজন কৰিছে । উদ্ভাৱনীমূলক বাণিজ্যিক আৰ্হিৰ জৰিয়তে ভাৰতীয় তেল আৰু গেছ খণ্ডৰ উৎসাহজনক বিকাশ পৰিলক্ষিত হৈছে ।

বৰ্ধিত অৰ্থনীতিৰে, ভাৰতৰ তেল আৰু গেছৰ চাহিদা দ্ৰুত গতিত বৃদ্ধি পাই আছে । শক্তিৰ বৰ্ধিত চাহিদাৰে মোকাবিলা কৰাৰ অৰ্থে এটি পদক্ষেপস্বৰূপে, তেল আৰু গেছৰ ঘৰুৱা উৎপাদন বৃদ্ধি কৰিবলৈ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে (MoPNG) যোৱা বছৰকেইটাত এলানি ৰূপান্তৰমূলক সংস্কাৰ সাধন কৰিছে ।

চৰকাৰখনৰ অন্বেষণ আৰু উৎপাদন (E&P) ইণ্ডাষ্ট্ৰী আউটৰীছ প্ৰগ্ৰেমৰ অংশ হিচাপে, ২৪ ছেপ্টেম্বৰ, ২০২১ত গুৱাহাটীত উদ্যোগপতি আৰু ব্যৱসায়ীসকলৰ স’তে এখনি মত-বিনিময়মূলক বৈঠকৰ আয়োজন কৰা হৈছে । এই কাৰ্যসূচীৰ বিষয় হৈছে “উত্তৰ পূৰ্বাঞ্চলত ই এণ্ড পি বিনিয়োগৰ সুযোগ” ।

এই কাৰ্যসূচীত ভাগ ল’ব পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰী আৰু পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । ইয়াত পূৰ্বোত্তৰৰ আঠোখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকিব । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নীতি নিৰ্ধাৰক, অপাৰেটৰ, সেৱা কোম্পানী, শিক্ষাবিদ, বিনিয়োগকাৰীসকল, ঔদ্যোগিক চেম্বাৰসমূহে ।

এটি অঞ্চল হিচাপে, উত্তৰ-পূবে ভাৰতক আত্ম-নিৰ্ভৰশীল কৰি তোলাৰ যাত্ৰাটোতে প্ৰমুখ্য কৰি তেল আৰু গেছ খণ্ডত অতি উচ্চ কৌশলী গুৰুত্ব লাভ কৰি আহিছে । এই অঞ্চলটোৱে তেল আৰু গেছৰ সমগ্ৰ ভেল্যু শৃংখলডালক আৱৰি লৈছে ।

Exit mobile version