দেশৰ উচ্চ শিক্ষানুষ্ঠানক ইণ্টার্ণশ্বিপ পাঠ্যক্ৰম প্ৰৱৰ্তনত গুৰুত্ব দিবলৈ নিৰ্দেশ ইউ জি চিৰ

বিশ্ববিদ্যালয় অনুদান আয়ােগ (ইউ জি চি)-এ দেশৰ বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানসমূহক এপ্রেণ্টিচ আৰু ইণ্টার্ণশ্বিপ ডিগ্রী পাঠ্যক্রম প্ৰৱৰ্তনত অধিক গুৰুত্ব দিবলৈ পৰামর্শ দিলে।

ADVERTISEMENT

আয়ােগে দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহক আহ্বান জনাই কয় যে বিশ্ববিদ্যালয়সমূহে সাধাৰণ ডিগ্রী পাঠ্যক্ৰমৰ পৰিৱর্তে এপ্রেণ্টিচ আৰু ইণ্টার্ণশ্বিপ থকা ডিগ্ৰীৰ পাঠ্যক্রম প্ৰৱৰ্তনত গুৰুত্ব আৰােপ কৰা উচিত।

এই সন্দৰ্ভত দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহলৈ এক জাননী জাৰি কৰি ইউ জি চিয়ে এইদৰে কয়, “আপােনালােকৰ এই কথা বিদিত যে কেন্দ্রীয় চৰকাৰে ২০২০-২১ বৰ্ষৰ বাজেটত ঘােষণা কৰা অনুসৰি, স্নাতক পাঠ্যক্ৰমত বৃত্তিমুখী পাঠ্যক্রম প্ৰৱৰ্তনত গুৰুত্ব দিব বিচৰা হৈছে।

এনে পাঠ্যক্ৰমৰ জৰিয়তে ছাত্র-ছাত্রীয়ে সহজে জীৱিকা নির্বাচন কৰাটো সম্ভৱ হ’ব। ভৱিষ্যতে যিকোনাে জীৱিকা গ্রহণ কৰাৰ ক্ষেত্ৰত এপ্রেণ্টিচ-ইন্টার্ণশ্বিপসহ ডিগ্রী পাঠ্যক্রম অধ্যয়নে সহায় কৰিব পাৰিব।

সেয়েহে বিশ্ববিদ্যালয়সমূহে এই ধৰণৰ এপ্রেণ্টিচ-ইন্টার্ণশ্বিপ থকা ডিগ্রী পাঠ্যক্রম প্ৰৱৰ্তনত অগ্রাধিকাৰ দিয়া উচিত।’

উল্লেখ্য যে ২০২১-২২ বৰ্ষৰ বাজেটতাে কেন্দ্রীয় চৰকাৰে এপ্রেণ্টিচ-ইণ্টার্ণশ্বিপযুক্ত ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্রম প্রৱর্তনৰ কথা উল্লেখ কৰিছিল।

Exit mobile version