পাঁচ হেজাৰ বছৰৰ পাছত ঘূৰন্ত গাঁৱৰ ৰহস্যভেদ

ঘড়ীৰ কাঁটাৰ বিপৰীত দিশে ঘূৰি গৈছিল আশ্চৰ্যকৰ গাঁওখন

Screenshot 176

প্রস্তৰ যুগতে এনে এক ৰহস্যময় ঘটনা সংঘটিত হৈছিল, যাৰ সমাধান কৰিবলৈ প্রায় পাঁচ হেজাৰ বছৰৰ প্রয়ােজন হ’ল। সেই প্রস্তৰ যুগৰ গাঁওখন বর্তমানৰ শ্ল’ভাকিয়াত অৱস্থিত।

কিছু দিন পূর্বে এদল বিজ্ঞানীয়ে উক্ত স্থানত পাঁচ হেজাৰ বছৰৰ পূর্বে গঢ়ি উঠা এখন ‘ঘূৰন্ত গাঁৱ’ৰ সন্ধান পাইছিল। গাঁওখন এনেদৰে গঢ়ি তােলা হৈছিল যে দেখিলে ধাৰণা হ’ব যেন ঘড়ীৰ কাঁটাৰ বিপৰীত দিশেহে গাঁওখন
ঘূৰি আছে।

অৱশেষত সেই ঘূৰন্ত গাঁৱৰে ৰহস্যভেদ হ’ল। সম্প্রতি ‘প্লাছ ৱান’ নামৰ এখন পত্রিকাত এই বিষয়টো প্রকাশ পাইছে। কিয় গাঁওখন এইদৰে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশে ঘূৰি থকাৰ দৰে গঢ়ি উঠিছিল, তাৰ প্রকৃত কাৰণ উক্ত পত্রিকাত প্রকাশিত হয়।

সম্প্রতি শ্ল’ভাকিয়াৰ ভ্ৰাবেল অঞ্চলত উক্ত প্রস্তৰ যুগৰ গাঁওখনৰ সন্ধান পাইছিল এদল বিজ্ঞানীয়ে। তেওঁলােকে নিৰীক্ষণৰ সময়ত গাঁওখনত এটা অদ্ভুত বৈশিষ্ট্য লক্ষ্য কৰে।বিজ্ঞানীসকলে দেখে যে গাঁৱৰ ঘৰসমূহৰ প্রতিটোৱেই সামান্য সামান্যকৈ বাঁওদিশলৈ হাউলি আছে।

প্রথমটো ঘৰৰ পাছত যিটো দ্বিতীয় ঘৰ নির্মাণ কৰা হৈছিল, সেই ঘৰটো প্রথম ঘৰৰ সমান্তৰালকৈ নাথাকি সামান্য বাঁওফাললৈ হাউলি নির্মাণ কৰা হৈছিল। ঠিক সেইদৰে তৃতীয় ঘৰটোও দ্বিতীয়টো ঘৰৰ পৰা কিছু বাঁওফালে হাউলি আছে।

এইদৰেই গাঁওখনৰ সকলােবােৰ ঘৰ নির্মাণ কৰা হৈছিল। কিয় এইদৰে নির্মাণ কৰা হৈছিল, তাৰ কাৰণ অনুসন্ধান কৰােতে নানা ধৰণৰ মতবাদ উঠি আহিছিল। গৱেষকসকলে অনুমান কৰিছিল যে সোঁফালৰ পৰা তীব্র বেগত বৈ অহা বতাহৰ গতিৰ পৰা ৰক্ষা পাবলৈকে এইদৰে সামান্য বাঁওদিশলৈ আগবাঢ়ি ঘৰবােৰ নির্মাণ কৰা হৈছিল।

বহুতে আকৌ ধাৰণা কৰিছিল যে সূৰ্যৰ পােহৰ পাবলৈকে প্ৰথমটো ঘৰৰ ঠিক পাছফালে নির্মাণ নকৰি কিছু বাঁওফালে দ্বিতীয় ঘৰটো সজোৱা হৈছিল। অৱশ্যে প্রকৃত কাৰণ এইবােৰ ধাৰণাৰ পৰা সম্পূর্ণ দেখা গৈছে। প্রকৃত কাৰণ বুজোৱাৰ বাবে ‘ছিউড’নেগলেক্ট’ শব্দটো ব্যৱহাৰ কৰিছিল বিজ্ঞানীসকলে।

এই শব্দটো জীৱবিদ্যাত ব্যৱহৃত হয়। বিজ্ঞানীসকলে জনাইছে যে অধিকাংশ মানুহৰ মাজতে এই বিষয়টো লক্ষ্য কৰা যায়। তেওঁলােকে দাবী কৰে যে অধিকাংশ মানুহকে কোনাে শাৰীৰ মাজভাগত চিহ্নিত কৰিবলৈ দিলে তেওঁলােকে যিটো বিন্দুক নির্দিষ্ট কৰে, সেয়া সামান্য বাঁও দিশলৈ আগবাঢ়ি থাকে।

এডাল অনুভূমিক ৰেখা অংকন কৰি কেইজন মান লােকক তাৰ মাজভাগ চিনাক্ত কৰিবলৈ দি বিজ্ঞানীসকলে এই বিষয়টো পর্যালােচনাও কৰিছে। বিজ্ঞানীসকলৰ মতে,সকলােবােৰেই মানুহৰ মস্তিষ্কৰ খেলা। এই বিষয়টোৱেই হেনাে ঘটিছিল প্রস্তৰ যুগত গঢ়ি উঠা গাঁওখনত।

প্রথমটো ঘৰৰ স’তে ঠিক পাছফালে সমান্তৰালভাৱে দ্বিতীয় ঘৰটো নিৰ্মাণ কৰিবলৈ যাওঁতে মাজভাগ স্থিৰ কৰিব পৰা নাছিল। পৰৱৰ্তী সময়ত প্ৰযুক্তিৰ উন্নতিৰ ফলত মানুহ এই সমস্যাত পৰিবলগীয়া হােৱা নাছিল।

Exit mobile version