বিশ্বৰ ৫০০ ধনাঢ্যই এদিনতে ১৩৫ বিলিয়ন ডলাৰ হেৰুৱালে : কিন্তু কিয়?

navbharat times 3

চীনৰ দ্বিতীয়টো সর্ববৃহৎ ৰিয়েল এষ্টেট প্রতিষ্ঠান এভাৰগ্ৰেণ্ড হঠাতে প্রায় দেউলীয়া হ’ল। কোম্পানীটোৰ ঋণৰ পৰিমাণ ৩০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে আৰু এভাৰগ্ৰেণ্ডে ঘােষণা কৰা অনুসৰি, তেওঁলােকে এই বৃহৎ পৰিমাণৰ ঋণ পৰিশােধ কৰিবলৈ সক্ষম নহয়।

ADVERTISEMENT

এভাৰগ্ৰেণ্ডৰ এই বিত্তীয় সংকটৰ ফলত যােৱা সােমবাৰে বিশ্বৰ প্ৰায়বােৰ শ্বেয়াৰ বজাৰত ছেনছেক্স অৱনমিত হৈছিল। ফলত এদিনতে বিশ্বৰ ৫০০ সর্বাধিক ধনী ব্যক্তিয়ে হেৰুৱাব লগা হ’ল ১৩৫ বিলিয়ন ডলাৰ।

বহু ধনাঢ্য লােকে এভাৰগ্ৰেণ্ডত ধন বিনিয়োেগ কৰিছিল আৰু কোম্পানীটো দেউলীয়া হােৱাৰ ফলত তেওঁলােক বিত্তীয় দিশত ক্ষতিগ্রস্ত হ’ল।

সর্বাধিক ক্ষতিৰ সন্মুখীন হৈছে বৈদ্যুতিক গাড়ী নির্মাতা প্রতিষ্ঠান টেছলাৰ মুৰব্বী এলন মাস্ক। এদিনতে মাস্কৰ সম্পত্তিৰ পৰিমাণ ৭.২ শতাংশ হ্রাস হােৱাত মুঠ সম্পত্তিৰ পৰিমাণ ১৯৮ বিলিয়ন ডলাৰ হ’ল।

উল্লেখ্য যে যােৱা মঙলবাৰে মাস্কৰ সম্পত্তিৰ পৰিমাণ ২০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছিল। ব্লুমবার্গৰ তথ্য অনুসৰি এই মুহূর্তত মাস্ক হৈছে বিশ্বৰ সবাতােকৈ ধনাঢ্য ব্যক্তি। ইফালে, এমেজনৰ প্রতিষ্ঠাপক জেফ বেজ’ছৰ সম্পত্তিও যােৱা সােমবাৰে ৫.৬ বিলিয়ন ডলাৰ হ্রাস পাইছিল।

বর্তমানে ১৯৪ বিলিয়ন ডলাৰৰ সম্পত্তিৰে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত আছে বেজ’ছ। এভাৰগ্ৰেণ্ডৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩৫৫ বিলিয়ন ডলাৰ।

কিন্তু কোম্পানীটো ঋণগ্রস্ত হৈ দেউলীয়া হােৱাত বিশ্বৰ আগশাৰীৰ ৫০০ ধনাঢ্য ব্যক্তি সম্পত্তিৰ পৰিমাণে প্ৰভাৱিত হৈছে।

Exit mobile version