ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী তিনিচুকীয়া জিলাৰ মাকুমৰ কিশোৰী

পখিলা খেদাৰ বয়সত ছবছৰীয়া প্ৰস্তুতি বৰুৱা নামৰ কিশোৰীগৰাকী বৰ্তমান শয্যাশায়ী ।

কিছুদিনৰ আগৰ পৰা ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত তিনিচুকীয়াৰ মাকুম অনিৰূদ্ধ নগৰৰ কিশোৰী প্ৰস্তুতি বৰুৱা ।

প্ৰতিটো দিনতে যেন যমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে কিশোৰীগৰাকীয়ে, কাৰণ ছবছৰীয়া কিশোৰী প্ৰস্তুতীৰ চিকিৎসা কৰিবলৈ অতি দৰিদ্ৰ পৰিয়ালটোৰ পিতৃ-মাতৃৰ হাতত নাই ধন ।

দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃ-মাতৃয়ে প্ৰস্তুতীৰ উন্নত চিকিৎসাৰ বাবে অৰ্থৰ অভাৱৰ বাবে চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাই আনিবলগা হৈছে । ফলত দিনক দিনে অন্ধকাৰ নামি আহিছে প্ৰস্তুতীৰ জীৱনলৈ ।

উপায়ন্তৰ হৈ এতিয়া ৰাইজ তথা চৰকাৰৰ পৰা ছোৱালীজনীৰ উন্নত চিকিৎসাৰ বাবে সহায় বিচাৰিছে পিতৃ অনন্ত বৰুৱা আৰু মাতৃ ৰীতা বৰুৱাৰ লগতে স্থানীয় ৰাইজে ।

যদি কোনো হৃদয়ৱান লোকে কণমানি ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰে তেন্তে SBI MAKUM BRANCH,
RITA BORUAH, IFSC: SBIN0012262 A/C NO:- 36413428192 এই একাউণ্ট নম্বৰৰ জৰিয়তে প্ৰদান কৰিবলৈ আহ্বান জনাইছে পিতৃ-মাতৃয়ে ।

Exit mobile version