শ্ৰীৰামপুৰত উজ্জ্বলা যোজনাৰ গেছৰ পৰা বঞ্চিত হিতাধিকাৰীৰ বিক্ষোভ : ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰে ঘৰে বিনামূলীয়া গেছ যোগান ধৰাৰ বাবে উজ্জ্বলা যোজনাৰ জৰিয়তে ৰেছন কাৰ্ডৰ ভিত্তিত গেছ চিলিণ্ডাৰ, চুলহা আদি প্ৰদান কৰিছে যদিও এই যোজনা ৰূপায়নত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উঠিছে ।

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰৰ দুই শতাধিক হিতাধিকাৰীয়ে বিনামূলীয়া গেছ পোৱাৰ বাবে প্ৰায় দুবছৰ পূৰ্বে সকলো নথিপত্ৰ দি আৱেদন কৰিছিল ।ভাৰত গেছৰ গোসাঁইগাঁৱৰ ডিলাৰ আলংবাৰ গেছ এজেন্সিৰ ছাব এজেন্ট শ্ৰীৰামপুৰৰ যতন সৰকাৰক আৱেদন কৰাৰ পাছত তেওঁলোকে আজি লৈ গেছ নোপোৱাত সম্প্ৰতি ডিংডিঙাত এখন নতুন গেছ এজেন্সি মুকলি হোৱাত ইমান দিনে গেছ লাভ নকৰা হিতাধিকাৰীসকলে পুনৰ আৱেদন কৰাৰ পাছত জোলোঙাৰ মেকুৰী ওলাই পৰে ।

শ্ৰীৰামপুৰৰ একাংশ হিতাধিকাৰীয়ে তেওঁলোকৰ ৰেছন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ পৰিচয়পত্ৰ আদিসহ আৱেদন কৰাৰ পাছত দেখা গ’ল যে, তেওঁলোকৰ নামত ইতিমধ্যে গেছ বিতৰণ কৰা হৈছে ।বেলেগ বেলেগ ঠাইৰ পৰা আন লোকে তেওঁলোকৰ পৰিচয়পত্ৰ ব্যৱহাৰ কৰি গেছ লৈ থকা বুলি জানিব পাৰি শ্ৰীৰামপুৰৰ দুই শতাধিক হিতাধিকাৰীয়ে বিষয়টো সন্দৰ্ভত যতন সৰকাৰৰ পৰা জানিব বিচাৰে । যতনে হিতাধিকাৰীসকলক গোসাঁইগাঁৱৰ আলঙবাৰ গেছ এজেন্সিৰ ওচৰত গৈ জানিবলৈ কয় । সেই মতে বঞ্চিত হিতাধিকাৰীসকলে আলঙবাৰ গেছ এজেন্সিত গৈ বিষয়টো সন্দৰ্ভত জানিব বিচাৰে কিন্তু হিতাধিকাৰীসকলৰ প্ৰশ্নৰ কোনো সদুত্তৰ নিদি ওলোটাই তেওঁলোকৰ স’তে দুৰ্ব্যৱহাৰ কৰে এজেন্সিৰ প্ৰৱন্ধকগৰাকীয়ে ।

উজ্জ্বলা যোজনাৰ গেছৰ পৰা বঞ্চিত হিতাধিকাৰীসকলে আজি এই লৈ শ্ৰীৰামপুৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । উজ্জ্বলা যোজনাৰ গেছক লৈ দুৰ্নীতি চলোৱাসকলক গ্ৰেপ্তাৰ কৰক, আমাক গেছ দিবই লাগিব, আমাৰ নথি আনে কেনেকৈ ল’লে তাৰ তদন্ত কৰক আদি শ্লোগান দি সমগ্ৰ বিষয়টো তদন্ত কৰি দোষীক শাস্তি আৰু বঞ্চিত হিতাধিকাৰীসকলক গেছ প্ৰদানৰ দাবী জনায় ।

Exit mobile version