১৫ জিলাৰ ২১২ নেতা-কৰ্মীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কংগ্ৰেছৰ

২০২১ৰ বিধানসভা নিৰ্বাচনৰ সময়ত একাংশ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে বিৰোধীক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।

সেই সকলৰ বিৰুদ্ধে তদন্ত কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছৰ বিশেষ কমিটী গঠন ।

কমিটীয়ে ১৫ খন জিলাৰ ২১২ জনৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে ।

১৫ দিনৰ ভিতৰত কাৰণ দেখুওৱাৰ নিৰ্দেশ বহু প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়কৰ নাম আছে এই তালিকাত ।

যি পৰ্যায়ৰ কৰ্মী বা নেতাই নহ‌ওক কিয়, দোষী সাব্যস্ত হ’লে এপিচিচি-য়ে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব । বিভিন্ন জিলা কংগ্ৰেছ কমিটী, কংগ্ৰেছৰ প্ৰাৰ্থীসকলে প্ৰেৰণ কৰিছে দল বিৰোধী কংগ্ৰেছৰ নেতা-কর্মীৰ নাম ।

দালালৰ বিৰুদ্ধে চৰকাৰৰ পদক্ষেপক প্ৰশংসা ভৰত নৰহৰ । ডাঙৰ ডাঙৰ দালালসমূহক প্ৰথমে ধৰিবলৈ আহ্বান ।

মৰিয়নি আৰু থাওৰা মেইন টাৰ্গেট কংগ্ৰেছৰ । উপনিৰ্বাচনত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব কংগ্ৰেছে । আটাইকেইটা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব কংগ্ৰেছে ।

Exit mobile version