Modi In US : ৱাশ্বিংটনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, সপ্তমবাৰ আমেৰিকা ভ্ৰমণ

1632368919 modi2

ভাৰতীয় সময় বৃহস্পতিবাৰে পুৱা আমেৰিকাত উপস্থিত হ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদী । এণ্ড্ৰুজ জয়েন্ট বায়ুসেনা বন্দৰত তেওঁৰ বিমান অৱতৰণ কৰে । প্রধানমন্ত্রীক স্বাগতম জনাবৰ বাবে তাত আগৰ পৰাই উপস্থিত আছিল আমেৰিকাৰ প্রশাসনিক বিষয়া আৰু ভাৰতৰ ৰাষ্ট্রদূত তৰণজিৎ সিং সান্ধু ।

২০১৪-ত ক্ষমতাত অহাৰ পাছত এইবাৰৰ স’তে সত বাৰ আমেৰিকা ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ । বাইডেন ক্ষমতাত অহাৰ পাছত এয়ে প্রথম তেওঁৰ স’তে মুখামুখি সাক্ষাৎ হ’ব । আমেৰিকাত ভাৰতীয় বংশোদ্ভূতসকলৰ মাজত মোদী অতি জনপ্রিয় । সেয়ে তেওঁক স্বাগতম জনাবলৈ আমেৰিকাৰ প্রশাসনিক বিষয়াসকলৰ উপৰিও শতাধিক ভাৰতীয় উপস্থিত আছিল । ৱাশ্বিংটনত ভৰি থৈয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইট কৰে, ‘ৱাশ্বিংটনৰ ভাৰতীয়সকলৰ সাদৰ অভ্যর্থনাত মই অভিভূত । তেওঁলোকৰ প্রতি মই কৃতজ্ঞ ।’

তিনিদিনীয়া এই আমেৰিকা ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে কোৱাড শীর্ষ বৈঠকত যোগ দিব । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদতো ভাষণ দিব । লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ স’তে দ্বিপাক্ষিক বৈঠকৰো পৰিকল্পনা আছে ।

 

বাইডেন ক্ষমতাত অহাৰ পাছত এয়ে প্রথম দুই ৰাষ্ট্রপ্রধান মুখামুখি বৈঠকত মিলিত হ’ব । বাইডেনৰ লগতে কোৱাড শীর্ষ বৈঠকত জাপান, অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রীসকলৰ স’তেও সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদী । চলিত বৰ্ষৰ মার্চত ‘কোৱাড’ গঠন হোৱাৰ পাছত ভার্চুৱেল বৈঠক অনুষ্ঠিত হৈছিল চাৰি দেশৰ মাজত । এয়ে প্রথম মুখামুখি বৈঠকত মিলিত হ’ব আমেৰিকা, ভাৰত, জাপান আৰু অষ্ট্ৰেলিয়া ।

এই বৈঠকত আফগানিস্তান, সীমান্ত সন্ত্রাস, ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল, জলবায়ু আৰু নিৰাপত্তাসহ একাধিক বিষয় উত্থাপন হোৱাৰ সম্ভাৱনা আছে । বিশেষকৈ আফগানিস্তানৰ পৰা বাইডেন সেনা প্ৰত্যাহাৰৰ পাছত যিদৰে তালিবানে আফগানিস্তান অধিগ্ৰহণ কৰিছে আৰু তালিবান চৰকাৰৰ গতিপ্রকৃতিও আলোচনাত উত্থাপন কৰা হ’ব পাৰে । ইপিনে, তালিবান শাসনে যে নতুন দিল্লীৰ চিন্তা বঢ়াইছে সেই বিষয়টোও এই বৈঠকত দাঙি ধৰিব পাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

শনিবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে । তাতো সীমান্ত সন্ত্রাস, ক’ভিড পৰিস্থিতি, জলবায়ু পৰিৱর্তনৰ দৰে বিষয়সমূহ উত্থাপন কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে ।

Exit mobile version