ওদালগুৰি লোকনিৰ্মাণ বিভাগৰ নৱনিৰ্মিত ভৱন উদ্বোধন

কামত দুৰ্নীতি কৰা ঠিকাদাৰৰ কাম বাতিল কৰি গোচৰ দিয়া হ'ব

কে’বা কোটি টকা ব্যয় সাপেক্ষে নৱনিৰ্মিত ওদালগুৰি লোকনিৰ্মাণ বিভাগৰ (গৃহ আৰু পথ) সংমণ্ডলৰ ভৱনটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ উপস্থিতিত কাৰ্যালয়টোৰ দ্বাৰ মুকলি কৰে । ইয়াৰ পূৰ্বে বড়োৱে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ বাবে নিৰ্মাণ হ’বলগীয়া দুমহলীয়া আৱাস ভৱনৰ আধাৰশিলাও স্থাপন কৰে । ইয়াৰ পাছত কাৰ্যালয় চৌহদত এক আঢ়ম্বৰপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় ।

বিটিচিৰ লোকনিৰ্মাণ বিভাগৰ সচিব অমৰজ্যোতি বৰ্মণে প্ৰদান কৰা আদৰণী ভাষণৰ পাছতে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে নিজৰ ভাষণ দাঙি ধৰে । ভাষণ প্ৰসংগত বড়োৱে কয়, “বছৰ বছৰ কৰা অপেক্ষাৰ অন্তত অজি বিভাগটোৱে এটা সুন্দৰ কাৰ্যালয় পাবলৈ সক্ষম হৈছে । এই কাৰ্যালয়টো সুন্দৰভাৱে ৰখাৰ দ্বায়িত্ব‌ও কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীসকলৰ ওপৰত এৰিছো । কাৰ্যালয়টোত কামসমূহ বিজ্ঞানসন্মতভাৱে সম্পন্ন কৰা হ’ব । বিটিআৰৰ লোকনিৰ্মাণ বিভাগটোত নতুনত্ব অনাৰ প্ৰয়োজন আছে । আন ঠাইৰ তুলনাত আমাৰ বিটিআৰস্থিত কাৰ্যালয়সমূহৰ পৰিস্কাৰ পৰিচন্নতা কম । গতিকে এতিয়াৰে পৰা বিটিআৰৰ সকলো বিভাগীয় কৰ্মচাৰীয়ে নিজৰ নিজৰ কাৰ্যালয়টো পৰিস্কাৰ কৰি ৰাখক । এই কাৰ্যালয় যাতে সদায় চফা হৈ থাকে তাৰ বাবে সপ্তাহত এদিন আধা কাম কৰক আৰু দিনটোৰ আধা সময় কাৰ্যালয়টো পৰিস্কাৰ কৰক । লোকনিৰ্মাণ বিভাগৰ কৰ্মচাৰীসকলে সপ্তাহটোৰ তিনিদিন অফিচত কাম কৰক আৰু তিনিদিন ফিল্ডত ঘূৰক ।”

তেওঁ লগতে কয়, “বিটিআৰত বছৰি হেজাৰ হেজাৰ কোটি টকা ৰাস্তা আৰু দলং নিৰ্মাণত যায়‌ । ইয়াৰ পাছতো বহু ঠিকাদাৰে কামসমূহ আধা কৰিয়েই টকা সৰকায় । গতিকে এতিয়াৰে পৰা যিসকল ঠিকাদাৰে তিনি-চাৰি বছৰ একোটা কাম সম্পূৰ্ণ কৰা নাই তেওঁলোকৰ কাম বাতিল কৰি প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ বিৰুদ্ধে বিভাগে গোচৰ দিব লাগে । এতিয়াৰে পৰা চৰকাৰী কাৰ্যালয়সমূহ ঠিকাদাৰৰ আড্ডাস্থলী হ’ব দিয়া নহ’ব । আমি বিটিআৰ অঞ্চলত নতুন পদক্ষেপ হাতত লৈছো । আগন্তুক দিনবোৰত নিৰ্মাণ হ’বলগীয়া প্ৰতিটো পথৰ নম্বৰ আৰু নাম দিয়া হ’ব । প্ৰতিটো জাতি-জনগোষ্ঠীৰ সন্মানীয় লোকসকলৰ নামত পথৰ নামসমূহ ৰখা হ’ব । যোগাযোগৰ ক্ষেত্ৰখনতো বিটিআৰক আগুৱাই নিব বিচাৰিছো । এবছৰৰ ভিতৰত বিটিআৰৰ চুকে-কোণে ইণ্টাৰনেট সেৱাৰ কাম কৰিম । ইয়াৰ জৰিয়তে আমি কৰিবলৈ আগবঢ়া অনলাইন পাঠ্যক্ৰমৰ ক্ষেত্ৰত সহায়ক হ’ব ।

বিটিআৰৰ সকলো পথ পকীকৰণ কৰাৰ বাবে প্ৰায় চাৰি-পাঁচশ কোটিৰ প্ৰয়োজন হ’ব । আগন্তুক মাৰ্চৰ আশে-পাশে ৰাজ্য চৰকাৰে পথ নিৰ্মাণৰ বাবে ধন মুকলি কৰি দিয়াৰ ইংগিত দিছে । বিটিআৰ চুক্তি সম্পাদনৰ পাছত বিটিআৰ অঞ্চলত শান্তি ঘূৰি অহা বাবে বহু সংস্থাই এই অঞ্চলত বিনিয়োগ কৰিবলৈ মন মেলিছে । কিন্তু ইয়াৰ পাছতো আকৌ দুজনমান ল’ৰাই হাতত বন্দুক লৈ জংঘললৈ গৈ বোমা বিস্ফোৰণৰ হুংকাৰ দিছে । এইবোৰৰ দ্বাৰা অঞ্চলটোত শান্তিৰ পৰিৱৰ্তে অশান্তিহে সৃষ্টি হ’ব‌ । শিক্ষাৰ মানদণ্ড উন্নয়নৰ বাবে বিটিআৰ চৰকাৰে কাম কৰাৰ কৌশল তৈয়াৰ কৰিছে । আমাৰ বিটিআৰ অঞ্চলত বাঁহৰ উদ্যোগ, হস্ততাঁত শিল্পৰ উন্নয়নৰ বাবে কাম কৰাৰ লক্ষ্য হাতত লৈছো । কেন্দ্ৰ‌ই হস্ততাঁত শিল্পৰ বাবে এক-ডেৰশ কোটি টকা প্ৰদান কৰাৰ আশ্বাস দিছে ।”

লগতে বিটিআৰ প্ৰধান গৰাকীয়ে বিটিআৰৰ কাৰ্যালয়ৰ অসামাজিক কাৰ্য দুৰ্নীতি বন্ধ কৰাৰো হুংকাৰ প্ৰদান কৰে‌ । আজিৰ এই কাৰ্যসূচীত কাৰ্যবাহী সদস্য নিলুট স্বৰ্গীয়াৰী, এমচিএল‌এ সঞ্জয় স্বৰ্গীয়াৰী, ওদালগুৰি লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা প্ৰণৱ কুমাৰ ৰাভাকে প্ৰমুখ্য কৰি বিভাগীয় বিষয়া তথা ইউপিপিএলৰ নেতাকৰ্মীসকল উপস্থিত থাকে ।

Exit mobile version