দল ত্যাগ কৰিলে প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই, নগাঁও কংগ্ৰেছত মোক্ষম আঘাত

WhatsApp Image 2021 09 24 at 6.51.02 PM

নগাঁও কংগ্ৰেছক মোক্ষম আঘাত হানি অৱশেষত কংগ্ৰেছ দল ত্যাগ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা, নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই । নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ কথা ছ’চিয়েল মিডিয়াৰ লগতে অন্যান্য মাধ্যমযোগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে । প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি ডাঃ চমুৱাই প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ লগতে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰা বুলি উল্লেখ কৰিছে ।

উলেখ্য যে, বিগত বিধানসভা নিৰ্বাচনত নগাঁও সদৰ সমষ্টিৰ কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থীত্বৰ দাবীদাৰ ডাঃ দুৰ্লভ চমুৱাক বঞ্চিত কৰি কংগ্ৰেছে শান্তনু শৰ্মাক দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰে । ইয়াৰ পাছতে ডাঃ চমুৱাই দলীয় শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰে আৰু তেওঁৰ একাংশ দলীয় সমৰ্থকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে । দলীয় টিকটৰ পৰা বঞ্চিত হৈ বিধানসভা নিৰ্বাচনৰ সময়ত ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰা ডাঃ চমুৱাৰ বিৰুদ্ধে দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰো অভিযোগ উত্থাপিত কৰে কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাৰ লগতে একাংশ কংগ্ৰেছ নেতা-কৰ্মীয়ে । যাৰ ফলত শেহতীয়াকৈ ডাঃ চমুৱাই কংগ্ৰেছৰ অনুশাসন তদন্ত কমিটীৰ ৰোষত পৰিবলগা হয় । কিন্তু কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত হৈও বিগত নিৰ্বাচনৰ পাছৰে পৰা ৰাজনৈতিকভাৱে নিষ্ক্ৰিয় হৈ থকা চমুৱাই অনুশাসন তদন্ত কমিটীৰ কৈফিয়ৎ তলৱৰ পাছতেই কংগ্ৰেছ ত্যাগ কৰা সিদ্ধান্তই বিশেষ তাৎপৰ্য বহন কৰিছে ।

স্মৰ্তব্য যে, বিগত বিধানসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈ প্ৰাক্তন মন্ত্ৰী, বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক গৌতম বৰায়েও কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিছিল ।

Exit mobile version