ধৰ্মঘটকাৰী আঁচনিভুক্ত কৰ্মচাৰীৰ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ

কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ আহ্বানৰ প্ৰতি সঁহাৰি

কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি সমগ্ৰ দেশতে পালন কৰা আঁচনিভুক্ত কৰ্মচাৰীসকলৰ ধৰ্মঘটে অসমতো ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয় । আঁচনিভুক্ত কৰ্মচাৰী অৰ্থাৎ অঙ্গনৱাড়ী কৰ্মী সহায়িকা, আশাকৰ্মী আৰু ৰন্ধন কৰ্মচাৰীসকলে ধৰ্মঘট কৰি অসমতো ৰাজ্যজুৰি চৰকাৰী বঞ্চনাৰ প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে ।

আন্দোলনকাৰীসকলৰ অভিযোগ, তেওঁলোকক চৰকাৰৰ সকলো আঁচনি ৰূপায়ণৰ তৃণমূল স্তৰত কাম কৰিবলৈ দিয়ে, কিন্তু চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি নিদিয়ে । চৰকাৰী সেৱাৰ বিনিময়ত আইন মতে প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত । সামান্য মাননিৰ বিনিময়ত তেওঁলোকে সেৱা আগবঢ়াই আছে । আনকি ক’ভিড চিকিৎসা সেৱাৰ আগশাৰীত থাকি সেৱা আগবঢ়োৱাৰ পাছতো তাৰ বাবে বিশেষ কোনো বানচ নিদিলে । এনে বঞ্চনাৰ প্ৰতিবাদত অসমৰ দুই লাখ ৭৩ হেজাৰ আঁচনিভুক্ত কৰ্মচাৰী আজি প্ৰতিবাদ মুখৰ হৈ পৰে ।

উল্লেখযোগ্য যে, সমগ্ৰ দেশজুৰি ২৪ ছেপ্টেম্বৰ এক তাৰিখে কোটিতকৈ অধিক আঁচনিভুক্ত কৰ্মচাৰীয়ে ধৰ্মঘট কৰিছে ।
অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থা, অসম ৰাজ্যিক আশা ইউনিয়ন আৰু সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ তৰফৰ পৰা প্ৰেৰণ কৰা এক যৌথ বিবৃতিত প্ৰকাশ যে আজি ২৪ ছেপ্টেম্বৰ দেশজোৰা ধৰ্মঘটৰ অংশ হিচাপে – অসমৰ শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, তিনিচুকীয়া, শদিয়া, ডিব্ৰুগড়, শিৱসাগৰ, নাজিৰা, যোৰহাট, গোলাঘাট, নগাঁও, হোজাই, মৰিগাঁও, ধেমাজি, লক্ষিমপুৰ, ওডালগুৰি, ৰঙাপাৰা, মঙ্গলদৈ, ৰঙিয়া, নলবাৰী, বৰপেটা, মুছলপুৰ, বজালী, গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, বিলাসীপাৰা, চাপৰ-শালকোচা আদি ঠাইত অঙ্গনৱাড়ী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মচাৰী আৰু আশা কম¹সকলে নিজৰ নিজৰ কামৰ পৰা বিৰত থাকি ৰাজহুৱা ঠাইত সমবেত হৈ কেন্দ্ৰ আৰু ৰাজ্যৰ বি জে পি চৰকাৰে তেওঁলোকৰ প্ৰতি চলাই থকা বঞ্চনা তথা অন্যায়ৰ প্ৰবল প্ৰতিবাদ জনায় ।

গুৱাহাটীত গুৱাহাটী ক্লাৱ ৰ’টাৰীত আশা কৰ্মী আৰু অঙ্গনৱাড়ী কৰ্মী-সহায়িকাসকলে বিক্ষোভ প্ৰদৰ্শন কৰে । “কাম কৰোৱাই মজুৰি দিব নোৱাৰা বিজেপি চৰকাৰ হায় হায়”, ‘আঁচনিভুক্ত কৰ্মচাৰীৰ বিভাগৰ নিয়মীয়া কৰ্মচাৰীৰ স্বীগৃতি দিয়ক’, “মাননি নহয় মজুৰি দিয়ক”, ‘ক’ভিড কালৰ সেৱাৰ বাবে বিশেষ বানচ প্ৰদান কৰক’, ‘অৱসৰকালীন সুবিধা প্ৰদান কৰক’ ইত্যাদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে আৰু সমদল কৰাৰ বাবে আগবাঢ়ে । পাছত লতাশিল থানাৰ আৰক্ষী বিষয়াই বাধা প্ৰদান কৰাত সেই ঠাইতে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে । ধৰ্মঘটকাৰী সকলৰ নেতৃত্ব প্ৰদান কৰে ইন্দিৰা নেৱাৰ, টিটুমণি লাহন, মীৰা পাঠক, জুনু চেতিয়া, মিনাৰা বেগম আৰু চাহিদা খাতুনে ।

ধৰ্মঘটস্থলীত উপস্থিত থাকি চি আই টি ইউৰ সাধাৰণ সম্পাদক তপন শৰ্মাই কেন্দ্ৰ আৰু ৰাজ্য বি জে পি চৰকাৰৰ শ্ৰমিক-কৃষক বিৰোধী আৰু জাতীয় স্বাৰ্থবিৰোধী নীতিৰ তীব্ৰ প্ৰতিবাদ জনায়। প্ৰতিবাদস্থলীতে ধৰ্মঘটকাৰীসকলে বিকল্প অবিহনে ধলপুৰ উচ্ছেদ কাৰ্যৰ নিন্দা কৰি আৰু উচ্ছেদস্থলীত এগৰাকী ফটোগ্ৰাফাৰে প্ৰদৰ্শন কৰা পাশৱিক আচৰণক ধিক্কাৰ জনাই প্ৰস্তাৱ গ্ৰহণ কৰে । চি আই টি ইউৰ অসম ৰাজ্যিক কমিটীয়ে ২৪ ছেপ্টেম্বৰত ধৰ্মঘট পালন কৰা আঁচনিভুক্ত কৰ্মচাৰীসকলক অভিনন্দন জ্ঞাপন কৰে ।

Exit mobile version