ৰাহুল-প্ৰিয়ংকা অনভিজ্ঞ, উপদেষ্টাই পথভ্ৰষ্ট কৰিছে, অভিযোগ অমৰিন্দৰৰ

1e168c3c 195b 11ec 8290 f3054f4a954c 1632316440068 1632316452496

পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদ ত্যাগৰ পাছত কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিলে কেপ্টেইন অৰিন্দৰ সিঙে । কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীজনে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভদ্ৰাকো কঠোৰ সমালোচনা কৰি দুয়োকে অনভিজ্ঞ আখ্যা দিয়ে ।

অমৰিন্দৰৰ মতে, ৰাহুল-প্ৰিয়ংকা হৈছে অনভিজ্ঞ আৰু তেওঁলোকক উপদেষ্টাই পথভ্ৰষ্ট কৰিছে । পঞ্জাৱ এতিয়া দিল্লীয়ে পৰিচালনা কৰিছে বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰীজনে মত প্ৰকাশ কৰে ।

কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰা অৰিন্দৰে পঞ্জাৱৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে নৱজ্যোৎ সিং সিন্ধুকে প্ৰত্যক্ষভাৱে জগৰীয়া কৰে ।

Exit mobile version