কোকৰাঝাৰ জিলা অতিৰিক্ত আৰক্ষী অধিক্ষকক সম্বৰ্ধনা আক্ৰাছুৰ

WhatsApp Image 2021 09 24 at 7.22.07 PM

সদৌ কোচৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষকক সুৰজিৎ সিং পানেচাৰক সাক্ষাৎ কৰি কোচৰাজবংশী জনগোষ্ঠীৰ জাতীয় গামোচাৰে সম্বৰ্ধনা জনায় ।

আক্ৰাছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিখন নতুকৈ গঠন কৰাৰ পাছত আজি কৰ্মকৰ্তাসকলে আৰক্ষী বিষয়াজনক সম্বৰ্ধনা জনাই বিভিন্ন সমস্যাৰ বিষয়ে বিষদভাৱে আলোচনা কৰে । আৰক্ষী বিষয়াজনক সম্বৰ্ধনা কালত উপস্থিত থাকে আক্ৰাছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি সম্পাদকৰ লগতে অইন অইন বিষয়ববীয়া সকলো ।

আক্ৰাছুই জনোৱা সম্বৰ্ধনা গ্ৰহণ কৰি আৰক্ষী বিষয়া সুৰজিৎ সিং পানেচাৰেও আক্ৰাছুৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰে ।

Exit mobile version