Bank Safety : মুহূৰ্ততে সকলো ধন লুট কৰি ল’ব পাৰে, ম’বাইল বিপদৰ বিষয়ে সতৰ্ক কৰিলে কেন্দ্ৰই

1629723811529 tdy money 8a vicky smishing scam 210823 1920x1080 gnqq3a

প্ৰতিদিনে দেশত বেংকৰ কামৰ বাবে ম’বাইলৰ ব্যৱহাৰ বাঢ়িছে । লগতে হেকাৰৰ সংখ্যাও বৃদ্ধি পাইছে । এইবাৰ এক নতুন এণ্ড্ৰ‌ইড মালৱেৰৰ সম্পর্কে সতর্ক কৰিলে কেন্দ্রীয় চৰকাৰৰ অধীনস্থ ইণ্ডিয়ান কম্পিউটাৰ এমাৰজেন্সি ৰেছপন্স টীমে (চিইআৰটি-ইন) । দ্রিনিক নামক সেই মালৱেৰৰ সংশয় কেৱল এটা বেংক নহয় । বহু ৰাষ্ট্রীয় বংকসহ দেশৰ ২৭টা বেংকৰ তথ্য চুৰ কৰিব পাৰে এই মালৱেৰে ।

সাধাৰণতে কোনো এণ্ড্র‌ইড ফোনত দ্রিনিক নাথাকে । হেকাৰে নানা প্রলোভন দেখুওৱাই গ্রাহকসকলৰ ফোনত ইনষ্টল কৰায় । ইয়াৰ পাছত বেংক সংক্রান্ত যাৱতীয় গুৰুত্বপূর্ণ তথ্য চুৰ কৰি লয় । ইতিমধ্যে কে’বাটাও অভিযোগ অহাৰ পাছত চিইআৰটি-ইনে জানিবলৈ দিছে, আয়কৰ বিভাগৰ কর্মীৰ ভাও ধৰি গ্রাহকসকলৰ স’তে কথা পাতে হেকাৰসকলে । গ্রাহকে আয়কৰ বিভাগৰ পৰা টকা ঘূৰাই পাব বুলি এটা এছএমএছ পঠোৱা হয় । তাত দিয়া লিংক খুলিলে হুবহু আয়কৰ বিভাগৰ ৱেবছাইটৰ দৰে এটা পেজ খুল খায় । তাত নাম, পেন, আধাৰ, ম’বাইল নম্বৰৰ লগতে ঠিকনাও দিয়া হয় । আয়কৰ বিভাগৰ টকা ঘূৰাই পাবৰ বাবে এটা অনলাইন ফর্ম পূৰণ কৰিবলৈ কোৱা হয় । ইয়াৰ বাবে একাউন্ট নম্বৰ আৰু আইএফএছচিও বিচৰা হয় । তদুপৰি, ডেবিট কার্ডৰ নম্বৰ, এক্সপাইৰী ডেট, চিভিভি আৰু পিনো দিবলৈ কোৱা হয় । এইসমূহ তথ্য লাভ কৰিলে বেংকৰ জমা টকা চুৰি কৰিবলৈ কোনো সমস্যা নহয় ।

যি এপৰ জৰিয়তে এই সকলোবোৰ তথ্য লোৱা হয় সেই এপটোৱে পাছত জনায় যে গ্রাহকজনে আয়কৰ বিভাগৰ পৰা কিমান টকা ঘূৰাই পাব । সেই টকাৰ অংক লিখিলে টকা লেনদেনৰ বিকল্প আহে, তাত ক্লিক কৰিলেই যাৱতীয় তথ্যৰে হেকাৰে টকা চুৰ কৰি লয় । কেৱল আয়কৰ বিভাগৰ কর্মচাৰীৰ ভাও ধৰিয়ে নহয়, বিভিন্ন বেংকৰ নাম লৈ ফোন বা এছএমএছো আহে । এই ক্ষেত্ৰত কেৱাইচি আপডেট কৰিবলৈ কোৱা হয় ।

ৰক্ষা পোৱাৰ উপায় কি ?

চিইআৰটি-ইনে জনাইছে, ম’বাইলত কোনো এপ্‌ ডাউনলোড কৰাৰ আগতে অতি সতর্ক হ‌ওক । সেই এপটো আপোনাৰ ম’বাইল প্রস্তুতকাৰী সংস্থাৰ এপ্ ষ্টোৰত আছে নে নাই লক্ষ্য ৰাখিব লাগিব । গুগল প্লে ষ্টোৰৰ পৰা এপ্ ডাউনলোড কৰিলে সংশয় কম । তৎস্বত্তেও, সকলো সময়তে কোনো এপ্ ডাউনলোড কৰাৰ সময়ত সেই এপটো কিমান মানুহে ব্যাৱহাৰ কৰিছে, তেওঁলোকে কি মন্তব্য কৰিছে চাই লোৱা উচিত ।

গ্রাহকসকলে এই বিষয়ত সচেতন থকা প্ৰয়োজন যিকোনো ব্যক্তিৰ পৰামর্শত কোনো এপ্ ডাউনলোড কৰা উচিত নহয় । কোন ম’বাইল নম্বৰৰ পৰা এছএমএছ আহিছে চাই ল’ব লাগিব । সাধাৰণতে, হেকাৰসকলে ফোন নম্বৰ গোপন ৰাখিবলৈ অন্য নামত এছএমএছ পঠায় । লগতে কোনো ইউআৰএল-ত ক্লিক কৰাৰ আগতে চাই ল’ব লাগে যে সেইটো সঠিক হয় নে নহয় ।

Exit mobile version