COVID-19 : ক’ভিড চিকিৎসাত নিষিদ্ধ আইভাৰমেকটিন-হাইড্রক্সিক্ল’ৰ’কুইন, আইচিএমএআৰ

hcq1200

ক’ভিড চিকিৎসাৰ বাবে আইভাৰমেকটিন আৰু হাইড্রক্সিক্ল’ৰ’কুইন ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিলে আইচিএমএআৰ-এ । ক’ভিডৰ বিৰুদ্ধে এই দুই ঔষধ যথেষ্ট উপযোগী, তেনে কোনো প্রমাণ পোৱা নাই বুলি দেশৰ স্বাস্থ্য বিষয়ক সংস্থাৰ বিশেষজ্ঞসকলৰ দাবী ।

আইচিএমআৰ-ৰ সংক্রামক ৰোগ বিভাগৰ প্রধান সমীৰণ পণ্ডাই কয়, “এই দুই ঔষধ ক’ভিড চিকিৎসাৰ বাবে উপযুক্ত হয় নে নহয় বিস্তাৰ আলোচনা হৈছে । অৱশেষত বিশেষজ্ঞসকলে সিদ্ধান্ত লৈছে, যিহেতু এই দুই ঔষধৰ যথেষ্ট কার্যকাৰিতাৰ প্রমাণ পোৱা নাই, সেয়ে ক’ভিড চিকিৎসাৰ তালিকাৰ পৰা বাদ দিয়া হ’ল ।”

যোৱা মে’ত কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ডিৰেক্টৰেট জেনেৰেল অৱ হেল্থ ছাৰ্ভিছেচে (ডিজিএইছএছ) ক’ভিড চিকিৎসাত আইভাৰমেকটিন আৰু হাইড্রক্সিক্ল’ৰ’কুইনৰ ব্যৱহাৰক লৈ আপত্তি জনাইছিল । এই দুই ঔষধ বন্ধ কৰাৰ পক্ষতো প্ৰশ্ন কৰিছিল তেওঁলোকে । কিন্তু সেই সময়ত আইচিএমআৰ তেওঁলোকৰ স’তে সহমত নহয় । ফলত ইয়াকে লৈ ডিজিএইছএছ আৰু আইচিএমআৰ-ৰ বিশেষজ্ঞসকলৰ মাজত মতপার্থক্যৰ সৃষ্টি হয় । যদিও বিশ্ব স্বাস্থ্য সংস্থাই (হু) ডিজিএইছএছ-ৰ নির্দেশনাক সঠিক বুলি জনাইছিল । লগতে এই দুই ঔষধ ব্যৱহাৰৰ ক্ষেত্রত সতর্কবার্তাও দিছিল ।

Exit mobile version