Delhi Court : দিল্লীৰ আদালতত গুলি চালনা, দুষ্কৃতিকাৰী জিতেন্দ্র গোগীসহ নিহত তিনি

দিল্লীৰ আদালতৰ ভিতৰত গুলি চালনা । শুকুৰবাৰে দুপৰীয়া গুলিয়া-গুলিত প্ৰায় চাৰিজনৰ মৃত্যু হৈছে বুলি সংবাদ সূত্রে জানিব পৰা গৈছে । উক্ত ঘটনাত বহু কেইজন লোক আহত হৈছে । দিল্লীৰ কুখ্যাত দুষ্কৃতিকাৰী জিতেন্দ্র গোগীৰ মৃত্যু হৈছে এই যুঁজত ।

উত্তৰ দিল্লীৰ ৰোহিণীত আদালতৰ ভিতৰত দুই বিৰোধী দুষ্কৃতিকাৰী দলৰ মাজত গুলিয়া-গুলি আৰম্ভ হয় । কিছুসংখ্যক দুষ্কৃতিকাৰীয়ে অধিবক্তাৰ পোছাক পৰিধান কৰি আদালতত প্রৱেশ কৰিছিল ।

কুখ্যাত দুষ্কৃতিকাৰী গোগীৰ বিৰুদ্ধে একাধিক গোচৰ আছে । যোৱা এপ্রিলত তেওঁক গ্রেপ্তাৰ কৰে দিল্লী আৰক্ষীৰ বিশেষ বিভাগে । এক গোচৰৰ শুনানিৰ বাবে আদালতত অনা হৈছিল গোগীক । তেতিয়াই তেওঁৰ বিৰোধী গোষ্ঠীৰ দুষ্কৃতিকাৰীসকলে গুলি চালনা কৰে তেওঁলৈ ।

https://twitter.com/RahulChouhan92/status/1441320740771414027?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1441320740771414027%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Findia%2Ffiring-inside-delhi-court-dgtl%2Fcid%2F1305388

Exit mobile version