IAF : ভাৰতীয় বায়ুসেনাৰ বিমান তৈয়াৰ কৰিব টাটা-ই, স্পেইনৰ সংস্থাৰ স’তে চুক্তি ২০ হেজাৰ কোটিৰ

indian air force facts 2 1570505458

স্পেইনৰ সংস্থা ‘এয়াৰবাছ ডিফেন্স এণ্ড স্পেছ’-ৰ স’তে যৌথভাৱে ভাৰতীয় বায়ুসেনাৰ বাবে বিমান তৈয়াৰ কৰিব টাটাই । শুকুৰবাৰে দুই সংস্থাৰ মাজত এই বিষয়ত চুক্তি হৈছে । প্রতিৰক্ষা মন্ত্রণালয়ৰ মুখপাত্র ভাৰত ভূষণ বাবুৱে টুইটাৰত চুক্তি স্বাক্ষৰৰ কথা জনায় ।

‘টাটা এডভান্সড ছিষ্টেমছ লিমিটেড’ (টিএএছএল)এ জনায়, ২০ হেজাৰ কোটি টকাৰ চুক্তি অনুযায়ী অনাগত ১০ বছৰত স্পেইনৰ বিমান নির্মাণকাৰী সংস্থাটোৰ স’তে ভাৰতে যৌথভাৱে মুঠ ৪০খন চি-২৯৫ মজলীয়া ক্ষমতাসম্পন্ন সামৰিক পৰিবহণ বিমান তৈয়াৰ কৰিব । পাঁচৰ পৰা ১০ টন ক্ষমতা সম্পন্ন স্পেনীয় বিমানবোৰ ভাৰতীয় বায়ুসেনাৰ পাঁচ দশকৰ পুৰণা এভ্র’-৭৪৮-ৰ ‘পৰিপূৰক’ হ’ব বুলি প্রতিৰক্ষা মন্ত্রণালয়ৰ সূত্রে খবৰ ।

চলিত মাহৰ আৰম্ভণিতে ভাৰতীয় বায়ুসেনাৰ বাবে স্পেইনৰ পৰা ৫৬খন চি-২৯৫ পৰিবহণ বিমান ক্ৰয় কৰাৰ প্রস্তাৱত অনুমতি দিছিল নৰেন্দ্র মোদী মন্ত্রিসভাৰ নিৰাপত্তা বিষয়ক কমিটীয়ে । প্রতিৰক্ষা মন্ত্রণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে, স্পেইনৰ নির্মাতা সংস্থাৰ পৰা ১৬খন বিমান ‘উৰনৰ উপযুক্ত অৱস্থাত’ আমদানি কৰা হ’ব । বাকী ৪০খন সেই সংস্থাৰ সহযোগিতাত ভাৰততেই তৈয়াৰ কৰা হ’ব । সেই কাৰ্যসূচীৰেই অংশীদাৰ হ’ব টাটা গোষ্ঠী পৰিচালিত টিএএছএল ।

ইউপিএ-ৰ আমোলত আমেৰিকাৰ পৰা সামৰিক পৰিবহণ বিমান চি-১৭ গ্লোবমাষ্টাৰ আৰু চি-১৩০জে ছুপাৰ হাৰকিউলিছ কিনাৰ সিদ্ধান্ত লৈছিল কেন্দ্রীয় মন্ত্রীসভাৰ নিৰাপত্তা বিষয়ক কমিটীয়ে । এইবাৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ মজলীয়া সামৰিক পৰিবহণ বিমান লাভ কৰিব বায়ুসেনাই । চৰকাৰী সূত্রে খবৰ, তিনি বছৰৰ ভিতৰতে প্রথম চি-২৯৫ লাভ কৰিব ভাৰতে । পৰৱর্তী পর্যায়ত যৌথভাৱে ভাৰতত বিমান উৎপাদন আৰম্ভ কৰিব ‘এয়াৰবাছ ডিফেন্স এণ্ড স্পেছ’ আৰু টিএএছএল-এ ।

Exit mobile version