India-US : প্ৰধানমন্ত্ৰী মোদীৰ স’তে বৈঠকত সন্ত্ৰাসত পাকিস্তানৰ ভূমিকাৰ বিষয়ে ক’লে হেৰিছে

84f40fb6 1cf7 11ec 8752 7a8d4023984b 1632461343447

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ স’তে প্রথমবাৰ বৈঠকক মিলিত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্রে মোদী । সেই বৈঠকত স্বতঃপ্রণোদিতভাৱে সন্ত্রাসত পাকিস্তানৰ ভূমিকাৰ বিষয়ৰ কথা কয় হেৰিছে । বৈঠকত হেৰিছে কয় যে, পাকিস্তানত থকা সকলো সন্ত্রাস গোষ্ঠীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে তেওঁ ইছলামাবাদক জনাইছে । যাতে এই সন্ত্রাসবাদী গোষ্ঠীয়ে ভাৰত আৰু আমেৰিকাৰ নিৰাপত্তা বিঘ্নিত কৰিব নোৱাৰে ।

বৃহস্পতিবাৰে হোৱাইট হাউছত মোদী আৰু হেৰিছৰ বৈঠক অনুষ্ঠিত হয় । সেই বৈঠকত ভাৰত আৰু আমেৰিকাৰ দ্বিপাক্ষিক সম্পর্ক কটকীয়া কৰাৰ লগতে বিশ্বৰ বিভিন্ন সমস্যাক লৈ আলোচনা হয় । গণতন্ত্রৰ ওপৰত আক্ৰমণ, আফগানিস্তান, ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ পৰিস্থিতিৰ দৰে বিভিন্ন বিষয় উত্থাপিত হৈছিল হেৰিছ-মোদীৰ বৈঠকত । কিন্তু সন্ত্রাসৰ প্রশ্নত হেৰিছৰ মুখত পাকিস্তানৰ ভূমিকাৰ কথাই আটাইতকৈ বেছি দৃষ্টিগোচৰ হৈছে ।

সন্ত্রাসবাদৰ বিষয়ত দুই নেতাৰ মাজত কি আলোচনা হ’ল, সেয়া বৈদেশিক সচিব হর্ষ বর্ধন শ্রিংলাৰ পৰা জানিব বিচাৰিছিল সাংবাদিকসকলে । তেতিয়া শ্রিংলাই কয়, ‘‘সন্ত্রাসবাদৰ প্রসংগ উত্থাপন হোৱাত উপ-ৰাষ্ট্ৰপতিয়ে (কমলা হেৰিছ) নিজেই এই বিষয়ত পাকিস্তানৰ ভূমিকাৰ কথা দাঙি ধৰে ।’’ শ্রিংলাই কয়, হেৰিছে স্বীকাৰ কৰিছে যে পাকিস্তানৰ ভিতৰত সন্ত্ৰাস গোষ্ঠীসমূহ সক্রিয় হৈ আছে । হেৰিছৰ বক্তব্যৰ বিষয়ত শ্রিংলাই কয়, ‘‘তেওঁ (হেৰিছ) পাকিস্তানক সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কৈছে, যাতে ভাৰত আৰু আমেৰিকাৰ নিৰাপত্তাত সন্ত্রাসবাদীসকলে কোনো প্রভাৱ পেলাব নোৱাৰে । প্রধানমন্ত্রীয়ে (মোদী) সীমান্তত সন্ত্রাসৰ বিষয়টো দাঙি ধৰি জনায় ভাৰতে কিদৰে দশকৰ পাছত দশক ধৰি সন্ত্রাসবাদৰ চিকাৰ হৈ আহিছে । সন্ত্ৰাস গোষ্ঠীসমূহে কেনেদৰে পাকিস্তানৰ সহযোগিতা পায়, সেই বিষয়টোও বৈঠকত দাঙি ধৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।’’

Exit mobile version