Viral Video :হাতত ষ্টিয়াৰিং, দুৰ্দান্ত গতিত ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলাইছে ৯৫ বছৰীয়া বৃদ্ধাই !

চাওক ভাইৰেল ভিডিঅ'

aauek7po resham bai tanwar madhya pradeshs 90yearold grandma driving

ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্দান্ত গতিত এখন মাৰুতি এচি ৮০০ । ষ্টিয়াৰিং হাতত লৈ চালকৰ আসনত ৯৫ বছৰীয়া এগৰাকী বৃদ্ধা । পাছফালে বহি আছে এজন ব্যক্তি । সম্প্ৰতি সামাজিক মাধ্যমত এই ভিডিঅ’ই বিশেষ জনপ্রিয়তা লাভ কৰিছে । যি দেখি সকলোৱেই স্তম্ভিত ।

ইচ্ছা আৰু উদ্যম থাকিলে যে বয়সেও বাধা দিব নোৱাৰে, তাকে প্ৰমাণিত কৰিলে মধ্যপ্রদেশৰ দেৱাছ জিলাৰ নবতিপৰ ৰেশমবাই তনৱাৰে । তেওঁক লৈয়ে সম্প্ৰতি চর্চা । মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহাণেও ৰেশমবাইৰ সেই ভিডিঅ’ প’ষ্ট কৰি প্রশংসা কৰিছে । তেওঁ কয়, বয়স যে কোনো বাধা নহয়, সেয়া ৰেশমবাইৰ পৰা শিকা উচিত ।

টুইটাৰত তেওঁ লিখে, ‘আইতাই আমাক এইটোৱে শিকালে যে, যদি আগ্রহ থাকে তেন্তে বয়সে বাধা হৈ থিয় দিব নোৱাৰে । ইচ্ছা আৰু উদ্যমেই মূল ।’

সকলোৰে মাজত বহু চৰ্চিত ৰেশমবাই দেৱাছ জিলাৰ বিলাৱলিৰ বাসিন্দা । তেওঁ তেওঁৰ পুত্ৰ সুৰেশ সিঙক গাড়ী শিকাৰ ইচ্ছা প্রকাশ কৰিছিল । মাতৃৰ ইচ্ছা পূৰণ কৰিবলৈয়ে সুৰেশে ৰেশমবাইক গাড়ী চলাবলৈ শকায় । মাত্র তিনি মাহৰ ভিতৰতে তেওঁ গাড়ী চালাবলৈ শিকে ।

এই বয়সত হাতত ষ্টিয়াৰিং তুলি লোৱাত বহুতেই সংশয় প্রকাশ কৰিছিল । কিন্তু তেওঁলোকক ভুল প্রামাণিত কৰি ৰেশমবায়ে ৰাষ্ট্ৰীয় ঘাইপথত দুর্দান্ত গতিত গাড়ী চলায় !

Exit mobile version