অসমৰ বেদখল বিৰোধী অভিযানৰ ওপৰত উদ্বেগ প্ৰকাশ পাকিস্তানৰ

ba56abe4 a651 445d 863a 915f788ba9e9 1

পাকিস্তানে শুকুৰবাৰে ইছলামাবাদত ভাৰতীয় হাইকমিছনাৰ ভাৰপ্ৰাপ্ত বিষয়াক বৈদেশিক কাৰ্যালয়লৈ মাতি পঠিয়াইছিল আৰু অসমৰ বেদখল বিৰোধী অভিযানৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে আৰু অভিযোগ কৰে যে ৰাজ্যখনত মুছলমানসকলক লক্ষ্য কৰি লোৱা হৈছে ।

উল্লেখ্য যে বৃহস্পতিবাৰে আৰক্ষীয়ে দৰং জিলাৰ চিপাঝাৰ ৰাজহ অঞ্চলৰ গৰুখুটি আৰু অন্যান্য গাওঁসমূহক বেদখল মুক্ত কৰিবলৈ গৈছিল, কিন্তু তাত সংঘটিত হিংসাত্মক ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আৰক্ষী কৰ্মীসহ ২০ জন লোক আহত হয় ।

পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ে জাৰি কৰা এক বিবৃতিত কয় যে, ভাৰতে শেহতীয়াকৈ “অসমত মুছলমান বিৰোধী হিংসা”ৰ তদন্ত কৰা উচিত আৰু অপৰাধীসকলক শাস্তি দিয়া উচিত । বিবৃতিটোত কোৱা হৈছে যে ভৱিষ্যতে এনে ঘটনা পুনৰ সংঘটিত নহ’বলৈ পদক্ষেপ লোৱা উচিত । দৰং জিলা প্ৰশাসনে জনায় যে সোমবাৰৰ পৰা এই পৰ্যন্ত ৬০২.৪ হেক্টৰ ভূমি বেদখল মুক্ত কৰা হৈছে আৰু আঠশটা পৰিয়ালক উলিয়াই দিয়া হৈছে ।

Exit mobile version