এণ্ডইড ফোনৰ পৰা চুৰি হৈ যাব পাৰে সকলো তথ্য,সাৱধান হব কি ভাবে ?

best android phones gift guide 1

এণ্ড্ৰইড ফোনৰ পৰা তথ্য, পাছৱৰ্ড বা ব্যক্তিগত ফটো চুৰি হোৱাটো এক বিৰল ঘটনা নহয়। বহুলোকে এই সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। কিন্তু কেইটামান সাধাৰণ কথা মনত ৰাখি, এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাটো সম্ভৱ।

★ তৃতীয় পক্ষৰ পৰা একো ডাউনলোড নকৰিব

কোনো এপ্ ডাউনলোড কৰিবলৈ হ’লে গুগল প্লে ষ্টৰৰ পৰা কৰিব।কোনো তৃতীয় পক্ষৰ পৰা নকৰিব।

★সহজ পাছৱৰ্ড নিদিব

ফেচ আনলক, আঙুলিৰ ছাপ বা চাৰি টা সংখ্যাৰ পিনৰ চিহ্ন মিহলি কৰি তৈয়াৰ কৰা পাছৱৰ্ডবোৰ যথেষ্ট সুৰক্ষিত। ফোনটো আনলক কৰিবলৈ এনে পাছৱৰ্ড এটা তৈয়াৰ কৰক। প্ৰয়োজন হ’লে কিছুমান এপৰ বাবে এনে পাছৱৰ্ড ৰাখিব।

★ভাবি চিন্তি অনুমতি দিয়ক

এপ্ ডাউনলোড কৰাৰ সময়ত’টাৰ্ম এণ্ড পাৰ্মিছন ‘ৰ দীঘলীয়া তালিকা আহে। সেই তালিকাত কি লিখা আছে সাৱধানে পঢ়ক। এয়া হ’ব পাৰে যে এপটোৱে আপোনাৰ মেছেজ বা ফোনত ফটোৰ ফ’ল্ডাৰ চাবলৈ অনুমতি বিচাৰিছে। তেনে ক্ষেত্ৰত, সাৱধান হ’ব।

★এপিকে ফাইল ব্যৱহাৰ কৰাৰ বিপদ

বহুলোকে গুগল প্লেষ্ট’ৰৰ পৰা এপ্প ডাউনলোড নকৰাকৈ আন ৱেবছাইটৰ পৰা এপিকে ফাইল ডাউনলোড কৰে। বহুতো নিষিদ্ধ এপৰ এপিকেও এনেদৰে সম্ভৱ। কিন্তু মনত ৰাখিব, এই প্ৰকাৰৰ এপিয়ে আপোনাৰ ফোনৰ সুৰক্ষা প্ৰৱেশ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ ফোনত বহুতো তথ্য চুৰি হ’ব পাৰে।

Exit mobile version