চিৰাঙৰ আই নৈৰ পাৰ তুলসিঝোৰাত ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী প্ৰাক্তন এন ডি এফ বিৰ তিব্ৰ প্ৰতিবাদ

বিটিআৰ এলেকাত শান্তিচুক্তিৰ জৰিয়তে যিসকলে এতিয়া শাসন কৰি আছে, সেয়া তেওঁ কাৰ্য্যবাহী সদস্যই হওক, উপমুখ্য কাৰ্য্যবাহী সদস্যই হওক, ই এম, জি এম তেওঁলোকে বিটিআৰ এলেকাত শান্তিৰ পৰিবেশ বৰ্তাই ৰখাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে কাৰণে বিটিআৰ এলেকাত নতুন নতুন অস্ত্ৰ ধাৰী উগ্ৰপন্থী সংগঠনৰ আত্মপ্ৰকাশ হৈ আছে এই বিষ্ফোৰক অভিযোগ প্ৰাক্তন এনডিএফবিৰ নেতা ডি, হাৰিমুৰ ।

বিটিআৰ শান্তি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী এনডিএফবি ৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী ওৰফে নাবলাৰ লগতে জেলত বন্দী হৈ এনডিএফবিৰ নেতা কৰ্মী সকলক অতিশীঘ্ৰে বিনাচৰ্তে মুক্তিৰ দাবীত চিৰাঙৰ আই নৈৰ হাগ্ৰামা দলঙৰ সমীপত প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ উদ্যোগত কে’বাসহস্ৰাধিক পুৰুষ মহিলা, যুৱক যুৱতীৰ উপস্থিতিত অবস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনডিএফবিৰ নেতা জনে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

ৰঞ্জন দৈমাৰীৰ মুক্তিৰ অবিহনে শান্তি নাই, জেলত বন্দী হৈ থকা ৰঞ্জন দৈমাৰী আৰু এনডিএফবিৰ নেতা কৰ্মী সকলক বিনাচৰ্তে মুক্তি দিয়া, মুক্তি নহলে শান্তি নাই, ৰঞ্জন দৈমাৰীক মুক্তি নিদিলে অসমত জুই জ্বলিব আদি শ্লোগানেৰে অবস্থান ধৰ্মঘট স্থলী উত্তাল কৰি তোলে ।

এক দীঘলীয়া ৰক্তাক্ত সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই যি আশা আকাংক্ষাৰে ২০২০ চনৰ ২৭ জানুৱাৰীত বহুচৰ্চিত বিটিআৰ শান্তি চুক্তিখন সম্পাদিত হৈছিল । সকলোৱে আশা কৰিছিল এই বড়োলেণ্ড এলেকাত সচাকৈ শান্তি ঘুৰি আহিব আমি শান্তিৰ স্বাৰ্থত চুক্তিৰ নিয়ম অনুযায়ী অস্ত্ৰ শস্ত্ৰ চৰকাৰৰ হাতত গতাই দিলো, এনডিএফবিক ভঙ্গ কৰি দিয়া হল, কিন্তু চৰকাৰ ফালৰ পৰা শান্তিৰ কাৰণে যি ধৰনে কাম কৰিব লাগিছিল সেয়া কিন্তু দেখিবলৈ পোৱা নাই ।

সেই শান্তিচুক্তি স্বাক্ষৰিত হোৱা ইতিমধ্যেই দেৰ বছৰ ওকলি গল কিন্তু দুৰ্ভাগ্যজনক ভাবে বিটিআৰ শান্তিচুক্তিৰ অন্যতম স্বাক্ষৰকাৰী তথা এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী লগতে জেলত বন্দী হৈ থকা অৰ্দ্ধ শতাধিক এনডিএফবিৰ নেতা কৰ্মী সকলক মুক্তি দিয়া নহ’ল । বিটিআৰ শান্তিচুক্তিৰ দফা অনুযায়ী মূলসূঁতিলৈ উভতি অহা প্ৰাক্তন এনডিএফবি নেতা কৰ্মী সকলৰ সঠিক পুনঃসংস্থানৰ ব্যবস্থা নহ’ল, এনডিএফবিৰ নেতা কৰ্মীৰ সকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত ৰুজু হৈ থকা গোচৰ সমূহ আজিলৈকে নিষ্পত্তি কোনো ব্যবস্থাই আজিলৈকে গ্ৰহণ নকৰিলে ।

বিশ্বৰ কোনো এটা প্ৰান্তৰ ইতিহাসত নজিৰ নাই যে শান্তিচুক্তি স্বাক্ষৰিত কৰাৰ পিছত শান্তিচুক্তি স্বাক্ষৰকাৰীক পুণৰ জেলত বন্দী কৰি ৰাখে কিন্তু ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত সেয়া সংঘটিত হৈছে । এনডিএফবিৰ ওপৰত যিটো বিশ্বাস ৰাখি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে শান্তিচুক্তি সম্পাদিত কৰিছিল তাৰ প্ৰতি সন্মান জনাই অতিশীঘ্ৰেই ৰঞ্জন দৈমাৰীক জেলৰ পৰা মুক্তি দিয়াৰ ব্যবস্থা গ্ৰহণ কৰিব লাগে বুলি অভিযোগ উইম্যান জাষ্টিছ ফোৰামৰ সভানেত্ৰী ৰৈমালী মুছাহাৰীৰ ।

Exit mobile version