পুৱাই খালী পেটত খাওক খেজুৰ

culture 1613859 960 720

কম-বেছি পৰিমাণে প্ৰায়ভাগ লােকেই খেজুৰ খায়। বিশেষকৈ গৰমৰ দিনত খেজুৰ খােৱা লােকৰ সংখ্যা বেছি। তুলনামূলকভাৱে এই সময়ত বেছিকৈ খেজুৰ উৎপাদন হয়। ইয়াত প্ৰচুৰ পৰিমাণে শক্তি বা কেলৰিৰ উপৰি এমিনাে এচিড,শৰ্কৰা, খনিজ পদার্থ, ভিটামিন আদি পােৱা যায়। যিসকল লােকে দীর্ঘসময় ধৰি উপবাসে থাকে তেওঁলােকে সদায় খালী পেটতে খেজুৰ খাব লাগে। দীর্ঘসময় ধৰি একো নােখােৱাকৈ থাকিলে গ্লুক’জৰ অভাৱ হ’ব পাৰে। যদিহে নিয়মীয়াকৈ খেজুৰ খায়, তেতিয়াহ’লে গ্লুক’জৰ পৰিমাণ স্বাভাৱিক হৈ থাকে।

★খেজুৰত কোনাে ধৰণৰ কলেষ্টেৰল আৰু অতিৰিক্ত পৰিমাণে চর্বি নাথাকে। যদিহে নিয়মীয়াকৈ খেজুৰ গ্ৰহণ কৰে, তেতিয়াহ’লে চর্বিজাতীয় খাদ্য গ্রহণৰ প্রৱণতা নাথাকিব।

★খেজুৰে পেশী গঠনত সহায় কৰে। কাৰণ ইয়াত প্র’টিন পােৱা যায়।

★খেজুৰত প্ৰচুৰ পৰিমাণে ভিটামিন এ, বি১, বি২, বি৩, বি৫ আদিৰ উপৰি । ভিটামিন ‘চি’ পােৱা যায়।

★খেজুৰত প্ৰচুৰ পৰিমাণে আয়ৰণ পােৱা যায়। সেইবাবে হৃদপিণ্ডৰ কাৰ্যদক্ষতা বৃদ্ধি পায়।

★ইয়াত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে। হাড় গঠনত কেলছিয়ামৰ ভূমিকা গুৰুত্বপূর্ণ।

★পেটৰ কৰ্কট ৰােগ প্ৰতিৰােধ কৰিব পৰা উপাদান পােৱা যায়।

★খেজুৰে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা হাত সৰাত সহায় কৰে। ইয়াত থকা ফাইবাৰে কোষ্ঠকাঠিন্য প্রতিৰােধ কৰে।

★ডায়েৰীয়া আদিৰ পৰাও হাত সাৰিব পাৰি, যদিহে নিয়মীয়াকৈ খেজুৰ খায়।

★যকৃতৰ সংক্রমণ প্রতিৰােধত খেজুৰ তুলনাবিহীন। চর্দি, জ্বৰ আদিত খেজুৰ প্ৰতিৰােধক।

★এনিমীয়া বা ৰক্তাল্পতা প্রতিবােধ কৰাটো সম্ভৱ। ইয়াত থকা আয়ৰণ। আৰু খনিজ পদার্থই এনে সমস্যা প্ৰতিৰােধ কৰে।

★স্নায়ুতন্ত্র কার্যক্ষমতা বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খেজুৰ খাব লাগে। মস্তিষ্কৰ চিন্তা-ভাৱনাৰ শক্তি বৃদ্ধি পায়।

★হৃদৰােগৰ ক্ষেত্ৰতাে খেজুৰ উপকাৰী বুলি কোৱা হয়।

★ইয়াত থকা শক্তি তথা বিভিন্ন উপাদানে কর্মশক্তি বৃদ্ধি কৰে। নিয়মীয়াকৈ এটা বা দুটা খালে দৈনন্দিন কার্য পৰিচালনাৰ বাবে শৰীৰেশক্তি লাভ কৰিলে মনটো
সতেজ হয়।

★এশগ্রাম খেজুৰত কেলৰি ২৭৭, ফাইবাৰ সাত গ্রাম, প্র’টিন দুই গ্রাম, পটাছিয়াম ২০ শতাংশ, মেগনেছিয়াম ১৪ শতাংশ, তাপ ১৮ শতাংশ, মেংগানিজ ১৫ শতাংশ, আয়ৰণ পাঁচ শতাংশ, ভিটামিন বি১২, ১২ শতাংশ পােৱা যায়। এইবােৰ উপাদানৰ পৰাই জানিব পাৰি খেজুৰ কিমান উপকাৰী শুকান ফল।

★এইবিধ শুকান ফলত এন্টিঅক্সিডেন্টৰ ভঁৰাল বুলি ক’ব পাৰি। ইয়াত থকা ফ্লেভােনয়াত প্রদাহ হ্রাস কৰে। আনহাতে, কেৰ’টিনয়াত হৃদযন্ত্র সুস্থ কৰি ৰখাত সহায় কৰাৰ উপৰি দৃষ্টিশক্তি স্বাভাৱিক কৰি ৰখাতে সহায়ক। ইয়াত থকা ফেনােলিক এচিডে কৰ্কট ৰােগ আৰু হৃদৰােগ প্ৰতিৰােধ কৰে। এনে শক্তিশালী। এন্টি অক্সিডেন্ট থকা বাবে সকলােৱে এইবিধ শুকান ফল খােৱাত গুৰুত্ব প্রদান কৰা উচিত।

★গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী বুলি গৱেষকসকলে মন্তব্য কৰিছে। বিশেষকৈ শেষৰ সপ্তাহকেইটাত যদি নিয়মীয়াকৈ খেজুৰ খায়, তেতিয়াহ’লে প্ৰসৱৰ সময়ত বিশেষ সমস্যাৰ সৃষ্টি নহয়। অর্থাৎ প্ৰসৱজনিত সমস্যাই সহজে গা কৰি উঠিব নােৱাৰে। দীর্ঘসময় প্রসৱ বেদনাত ছটফটাবলগীয়া নহয়।

★অৱশ্যে ডায়েবেটিছ আদি অনিয়ন্ত্রিত হৈ থাকিলে নিয়মীয়াকৈ খেজুৰ খােৱাৰ পূর্বে চিকিৎসক অথবা পুষ্টি বিশেষজ্ঞৰ পৰামর্শ গ্রহণ কৰা উচিত।

Exit mobile version