বজাৰলৈ আহি আছে নতুন এছইউভি এমজি এষ্টৰ

mg astor india revealed features engines specifications adas ai assistant

অৱশেষত নতুন এছইউভি মডেল এমজি এক্টৰৰ আঁৰ কাপােৰ আঁতৰালে এমজি মটর্চ নামৰ প্রসিদ্ধ গাড়ী নির্মাতা সংস্থাটোৱে। নতুন মডেলখনে ভাৰতীয় গাড়ীৰ বজাৰত হণ্ডাই ক্রেটা, কিয়া চেলটোছ, স্কোডা কুশ্বাক আৰু ফক্সৱাগন টিগুয়ানৰ স’তে প্রতিদ্বন্দ্বিতা কৰিব।

এছইউভিখন আগন্তুক সপ্তাহতে ভাৰতৰ বিভিন্ন এমজিৰ শ্বৰূমত দেখা যাব। গাড়ীখন একাধিক নতুন সুবিধাৰে সমৃদ্ধ। কোম্পানীটোৱে বাহনখনত দুটাকৈ পেট্রল ইঞ্জিনৰ বিকল্প দিছে।

তদুপৰি এই গাড়ীখনৰ খণ্ডবােৰত প্ৰথমবাৰৰ বাবে কৃত্রিম বুদ্ধিমত্তা বা এআই প্রযুক্তি প্রয়ােদ কৰা হৈছে। ইয়াৰ লগতে আছে। অট’ন’মাছ লেভেল-২ প্রযুক্তি, লেন প্রস্থান প্রতিৰােধ, স্বয়ংক্রিয় জৰুৰীকালীন ব্রেকিং আদিৰ দৰে সর্বাধুনিক বৈশিষ্ট্য।

সমালভাৱে, গাড়ীখনত ১০.১ ইঞ্চি ইনফোটেইনমেন্ট প্রণালী, ৭ ইঞ্জিৰ ডিজিটেল ক্লাষ্টাৰ, পৃথক কেবিন ফিস্ট্রেচন প্রণালী, বৈদ্যুতিন পার্কিং ব্রেক আদিৰাে সুবিধা আছে। এমজি এষ্টৰৰ চাবিবােৰতাে ডিজিটাইজেচনৰ স্পৰ্শ আছে।

উল্লেখ্য যে এমজি এষ্টৰত দুই ধৰণৰ ইঞ্জিন বিকল্প আছে। ১৯৪৯ চিচি টার্বো পেট্রল ইঞ্জিনৰ দ্বাৰা চালিত এষ্টৰত ইঞ্জিনটোৱে ১৪০ পিএছ শক্তিৰ লগতে ২২০ এমএমটর্ক প্রস্তুত কৰিব।

আনহাতে ভিটিআই-টেক ১৪৯৮ চিচি লিটাৰ পেট্রল ইঞ্জিন চালিত ভেৰিয়েন্টখনত মেনুৱেল ট্রেন্সমিচনত আঠ স্পীড চিভিটি গিয়াৰবক্সৰ বিকল্প দিয়া হৈছে। কোম্পানীটোৱে দাবী কৰা মতে, এমজি এষ্টৰ এছইউভি সুৰক্ষা যথেষ্ট উন্নত।

গাড়ীখনত কমেও ২৭টা এনে সুৰক্ষা বৈশিষ্ট প্রদান কৰা হৈছে। গাড়ীখনত সৰ্বমুঠ ছটা এয়াৰবেগৰ সুবিধা আছে। গাড়ীখন দুর্ঘটনাৰ পৰা ৰক্ষা কৰিবলৈ ইয়াত আছে লেন প্রস্থান প্রতিৰােধ, স্বয়ংক্রিয় জৰুৰীকালীন ব্রেকিং আদিৰ দৰে প্রযুক্তি।

লগতে আছে ইন্টেলিজেন্ট হেডলেম্প কন্ট্রোল আৰু ৰিভার্চ এচিষ্টে । আনুমাণিক হিচাপেত গাড়ীখনৰ শ্ব’ৰূমৰ মূল্য ১০-১৬ লাখ টকা হ’ব পাৰে।

Exit mobile version