শীর্ষত ৫.৯ শতাংশ বিনিয়োগৰে দিল্লী-দ্বিতীয় ৫.৮ শতাংশৰে মুম্বাই

শ্বেয়াৰ বজাৰত বিনিয়ােগৰ হাৰেৰে দেশৰ ১০ শীর্ষ জিলাত বৰপেটা

share 3 5665065 835x547 m

শ্বেয়াৰৰ জটিল আৰু অনিশ্চয়তাৰে ভৰা বজাৰখনৰ প্ৰতি বহু লােকৰে উৎসুকতাৰ অন্ত নাই। শ্বেয়াৰ বজাৰ বুলিলে সাধাৰণতে সম্পদশালী লােকৰহে প্ৰভাৱ পৰিলক্ষিত হয়। অসমত শ্বেয়াৰৰ বজাৰ অন্যান্য বহু ৰাজ্যৰ তুলনাত চালুকীয়া অৱস্থাতে আছে। তাৰ মূলতে হ’ল ইতিপূর্বে উল্লেখ কৰা বজাৰখনৰ লগত জড়িত জটিল অংক আৰু থাউকতে ঢুকি পাব নােৱৰা পৰিৱেশ; কিন্তু এইখন বজাৰতে বিনিয়ােগকাৰীৰ হাৰেৰে ভাৰতবৰ্ষৰ শীর্ষ ১০ খন জিলাৰ ভিতৰত নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে অসমৰ বৰপেটা জিলাই।

লক্ষ্যণীয়ভাৱে বৰপেটাক বাদ দি আন নখনেই হ’ল দেশৰ উল্লেখযােগ্য মহানগৰী। তাৰ বিপৰীতে বৰপেটা হ’ল ভাৰততাে বাদেই অসমৰ ভিতৰতাে এখন পাছৰ শাৰী জিলা। তাৰ পাছতাে উত্তৰ আৰু দক্ষিণ ভাৰতৰ ৰাজ্যবােৰৰ লগত ফেৰ মাৰি উত্তৰ-পূব ভাৰতৰ একমাত্ৰ জিলাৰূপে শীর্ষ ১০ জিলাৰ ভিতৰত স্থান লাভ কৰা বৰপেটাৰ পৰা যােৱা আগষ্টত সৰ্বভাৰতীয় তুলনাত ০.৮ শতাংশ লােকে বিনিয়ােগ কৰে।

নেছনেল ষ্টক এক্সচেঞ্জ (এন এছ ই)ৰ তথ্য অনুসৰি যােৱা আগষ্টত ভাৰতৰ জিলাবােৰৰ ভিতৰত বৰপেটাৰ স্থান হ’ল অষ্টম। শতাংশৰ হিচাপত ৫.৯ শতাংশ বিনিয়ােগকাৰীৰে তালিকাৰ শীৰ্ষত স্থান লাভ কৰে দিল্লীয়ে। ৫.৮ শতাংশ বিনিয়ােগকাৰীৰে তালিকাৰ দ্বিতীয় স্থানত আছে মুম্বাই। ইয়াৰ পাছত দুই শতাংশ বিনিয়ােগকাৰীৰে তৃতীয় স্থানত থকা জিলা হ’ল পুনে। এই তালিকাৰ চতুর্থ, পঞ্চম, ষষ্ঠ আৰু সপ্তম স্থানত থকা জিলাকেইখন হ’ল ক্রমে আহমেদাবাদ (১.৯ শতাংশ), ছুট (১.৬ শতাংশ), বাংগালুৰু (১.৬ শতাংশ) আৰু জয়পুৰ (১.৫ শতাংশ)।

বৰপেটাৰ পাছৰ জিলা দুখন হ’ল ক্রমে হায়দ্রাবাদ (০.৮ শতাংশ) আৰু ৰংগা ৰেড্ডী তথা পূর্ব হায়দৰাবাদ গ্রাম্য জিলা। ৰাজ্যৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ এক উল্লেখ্য নামৰূপে বৰপেটাৰ বিশেষ পৰিচয় পূৰ্বৰে পৰা আছে। অসমৰ অন্য প্ৰান্তৰ লােকে ব্যৱসায়ৰ পৰিসৰ বেছি দূৰলৈ প্ৰসাৰিত কৰিব নােৱৰাৰ সময়তে বৰপেটাৰ লােকৰ ব্যৱসায়িক কেন্দ্র অসমৰ বিভিন্ন স্থানৰ লগতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগ, ছিকিম আদিৰ উপৰি চুবুৰীয়া দেশ ভূটানতাে গঢ়ি উঠিছিল।

সময়ৰ লগত সেই পৰিৱেশ কিছু সলনি হ’লেও জিলাখনত বহু লােক ব্যৱসায়-বাণিজ্যত এতিয়াও বিশেষভাৱে জড়িত। ব্যৱসায়ৰ প্রগতিশীল পদক্ষেপৰ অংশৰূপে বৰপেটাৰ বহু লােক দীর্ঘদিনৰ পৰা শ্বেয়াৰ বজাৰৰ লগত জড়িত হৈ আহিছে। ক’ভিডৰ বাবে বিগত বৰ্ষত দেশত ঘােষণা কৰা দীঘলীয়া তলাবন্ধৰ সময়ছােৱাত হােৱা ব্যৱসায়িক লােকচানৰ পাছত একাংশ লােক শ্বেয়াৰৰ বজাৰখনৰ লগত নতুনকৈ জড়িত হৈ পৰে।

অৱশ্যে তাৰ পূৰ্বৰ পৰাই জিলাখনৰ যুৱ প্ৰজন্মৰ একাংশ শ্বেয়াৰ বজাৰৰ লগত জড়িত আছিল। তাৰ ফলতে যােৱা মাহত বিনিয়ােগকাৰীৰ হাৰেৰে বৰপেটাৰ নাম দেশৰ শীর্ষ ১০ জিলাৰ ভিতৰত অন্তর্ভুক্ত হয়। এন এছ ইৰ তথ্য অনুসৰি, চলিত বিত্তীয় বৰ্ষত মহানগৰ আৰু চহৰ অঞ্চলৰ লােকৰ মাজত শ্বেয়াৰ বজাৰত অংশগ্রহণৰ হাৰ ক্ৰমে বৃদ্ধি হােৱা পৰিলক্ষিত হয়। ক’ভিডৰ পৰিৱেশৰ মাজতাে এই ধাৰা অব্যাহত থাকে।

বৰপেটাৰ নাম এনেদৰেই শীর্ষ ১০ জিলাৰ তালিকাত অন্তর্ভুক্ত হয়। প্রসংগক্রমে এন এছ ইয়ে সদৰী কৰে যে শ্বেয়াৰ বজাৰত ব্যক্তিগত বিনিয়ােগকাৰীৰ হাৰ যােৱা বিত্তীয় বৰ্ষৰ তুলনাত চলিত বিত্তীয় বৰ্ষৰ বৰ্তমানলৈ ৪৫ শতাংশ বৃদ্ধি হৈছে। যােৱা বিত্তীয় বৰ্ষত সেই হাৰ আছিল ৩৯ শতাংশ।

Exit mobile version