Afghanistan Crisis : আফগান শৰণার্থীসকলৰ বাবে পুনৰ দুৱাৰ মুকলি কৰিব ভাৰতে, আশাবাদী প্রাক্তন এমপি

Fawzia Koofi MP Afghanistan Chatham House 2012

প্ৰথম পৰ্যায়ত আফগান শৰণার্থীসকলৰ বাবে ভাৰত চৰকাৰে দুৱাৰ মুকলি ৰাখিছিল ‌যদিও, সম্প্ৰতি বন্ধ ৰাখিছে । কিন্তু আফগানিস্তানৰ প্রাক্তন এমপি ফৌজিয়া কুফি আশাবাদী যে, ভাৰত চৰকাৰে আফগান শৰণার্থীসকলৰ সমস্যা বুজিব আৰু তেওঁলোকক আশ্রয় দিব । শনিবাৰে দোহাৰ ‘ছাউথ এছিয়ান উইমেন ইন মিডিয়া’ নামে এটা সংগঠনৰ ৱেব‌ইনাৰত যোগ দিছিল ফৌজিয়াই । আফগানিস্তানৰ পৰিস্থিতিৰ বিৱৰণ দিয়াৰ লগতে তেওঁ কয়, ‘‘তালিবানে এদিনতে শক্তিশালী হোৱা নাই ।’’ ইয়াৰ বাবে আশ্ৰফ ঘানি চৰকাৰ, আৰক্ষী আৰু সেনাৰ ব্যর্থতাকো তেওঁ দোষাৰোপ কৰে ।

আশ্রফ ঘানি চৰকাৰৰ আমলৰ এই এমপি গৰাকীয়ে কয়, ‘‘ভাৰত আৰু অন্যান্য প্রতিবেশী দেশবোৰৰ স’তে আফগানিস্তানৰ কেৱল ৰাজনৈতিক সম্পর্ক‌ই নাই, এই সম্পর্কৰ ইতিহাস বহু গভীৰ । আশা কৰো, ভাৰতে আফগান শৰণার্থীসকলক চাব ।’’

উত্তৰ-পূৱ আফগানিস্তানৰ বাদাখশান প্রদেশৰ বাসিন্দা ফৌজিয়া । এই প্রদেশৰ পৰাই তেওঁ এমপি নির্বাচিত হয় । তেওঁ ডেপুটি স্পিকাৰো হৈছিল । বিগত কিছু মাহ ধৰি আফগান চৰকাৰৰ যিসকল প্রতিনিধি দলে তালিবানৰ স’তে শান্তি ৰক্ষাৰ আলোচনা কৰিছিল, ফৌজিয়া তাৰো সদস্য আছিল । ১৫ আগষ্টত তালিবানে কাবুল দখল কৰাৰ সময়তেই তেওঁ দেশ ত্যাগ কৰিছিল । সম্প্ৰতি তেওঁ কাতাৰৰ দোহা চহৰত আছে । আজি ফৌজিয়াই জনায়, কোনো পৰিস্থিতিতেই তেওঁ দেশ ত্যাগ কৰব নিবিচাৰে । কিন্তু, পৰিস্থিতিৰ বাবে তেওঁ বাধ্য । উল্লেখ্য, পূৰ্বেও তেওঁক বহুবাৰ হত্যা কৰাৰ চেষ্টা কৰা হৈছিল । তেওঁৰ পৰিয়ালবৰ্গ এতিয়াও আফগানিস্তানতেই আছে ।

ফৌজিয়াই বক্তব্যত আজি বাৰে বাৰে নাৰীৰ প্রতি তালিবানৰ বিৰূপ মনোভাবৰ কথা উল্লেখ কৰে। তেওঁ কয় যে, তালিবানে মহিলাক ভয় কৰে । সেয়ে মহিলাসকলক সকলো সুবিধাৰ পৰা বঞ্চিত কৰিবলৈ উদ্যোগী হৈছে । বিদ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় সংসদ, ক’তো মহিলাৰ চিন-চাপ ৰাখিব বিচৰা নাই । কিন্তু, মহিলা আৰু ধর্মীয় সংখ্যালঘুসকলৰ অধিকাৰ কাঢ়িলে নহ’ব । প্রাক্তন এমপি-ৰ আশা, আন্তর্জাতিক ক্ষেত্রত এই বিষয়ত প্রতিবাদ আৰু তীব্র হ’ব । মহিলাসকলে যিদৰে অধিকাৰৰ দাবীত আফগানিস্তানৰ পথত নামিছে সেয়া যথেষ্ট সাহসী পদক্ষেপ বুলিও তেওঁ কয় ।

এই ৱেব‌ইনাৰত ‘চেন্টাৰ ফৰ দ্য প্র’টেকছন অৱ আফগান উইমেন জার্নেলিষ্টছ’-ৰ ডিৰেক্টৰ ফৰিদা নেকজাদো উপস্থিত আছিল । তালিবানে কাবুল দখল কৰাৰ পাছত তেঁৱো নিজৰ কন্যাৰ স’তে কানাডাত আশ্রয় লয় । অৱশ্যে তেওঁৰ স্বামী কাবুলতেই আছে । নেকজাদে আজি কয়, ‘‘সাংবাদিক হোৱাৰ বাবে বহু দেশ ঘূৰিছো । কিন্তু শৰণার্থী হৈ কোনো দেশত যাব লাগিব, এই কথা ভবা নাছিলো । যিয়ে নিজৰ দেশ ত্যাগ কৰি অন্য দেশলৈ যাবলগীয়া হয়, তেঁৱেই এই ব্যথা বুজিব ।’’

Exit mobile version