Bank : কোনটো বেংকৰ এটিএমৰ সৰ্বাধিক লেনদেনৰ সীমা কি ? জানাে আহক..

986002 atm

ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই)ৰ দ্বাৰা জাৰি কৰা নিয়ম অনুসৰি, দেশৰ বিভিন্ন চৰকাৰী বা বেচৰকাৰী বেংকে নিজ নিজ গ্রাহকক এক নির্দিষ্ট সংখ্যক বাৰৰ বাবেহে বিনামূলীয়াকৈ এটিএমৰ পৰা ধন উলিওৱাৰ সুবিধা প্রদান কৰিব পাৰে। তাতকৈ অধিক ব্যৱহাৰ কৰিলে এক নির্দিষ্ট মূল্যৰ টকা কর্তন কৰা হয় গ্রাহকৰ পৰা। মুখ্যতঃ সমগ্র দেশতে এটিএম সেৱা উন্নত কৰাৰ বাবে এই সিদ্ধান্ত লৈছিল ভাৰতীয় ৰিজাৰ্ভ বেংকে। সমান্তৰালভাৱে প্ৰতিটো বেংকৰ এটিএমৰ পৰা দৈনিক সর্বাধিক কিমান পৰিমাণৰ ধনৰ লেনদেন হ’ব তাৰাে সীমা বান্ধি ৰখা হৈছে। প্ৰতিটো বেংকৰ এটিএমৰ পৰা এই নির্দিষ্ট পৰিমাণৰ ধনৰ বাহিৰে, এটকাও বেছিকৈ উলিয়াব নােৱাৰি। বেংকসমূহৰ এটিএমৰ সৰ্বাধিক লেনদেন ওপৰত এবাৰ চকু ফুৰাও আহকচোন।

ভাৰতীয় ষ্টেট বেংক

ভাৰতৰ সর্ববৃহৎ চৰকাৰী বেংকিং প্রতিষ্ঠান ভাৰতীয় ষ্টেট বেংক চমুকৈ এছবিআইৰ এটিএমৰ পৰা সাধাৰণ গ্রাহকে দৈনিক ন্যূনতম ১০০ টকা আৰু সৰ্বাধিক ২০ হেজাৰ টকা উলিয়াব পাৰে। আনহাতে যদি গ্রাহকজনৰ হাতত এছবিআইৰ গ্ল’বেল ইণ্টাৰনেচনেল কার্ড থাকে, তেন্তে তেওঁ দৈনিক ৪০ হেজাৰ টকা উলিয়াব পাৰে। একেদৰে যদি কাৰােবাৰ হাতত এছবিআই গােল্ড ইণ্টাৰনেচনেল কার্ড থাকে, তেন্তে সর্বাধিক ৫০ হেজাৰ টকা পর্যন্ত উলিয়াব পাৰে।

পঞ্জাৱ নেচনেল বেংক

এই বেংকৰ সকল গ্রাহকৰ হাতত প্লেটি ডেবিট কার্ড থাকে তেওঁলােকে উক্ত কাৰ্ডৰ মাধ্যমেদি দৈনিক সর্বাধিক ৫০ হেজাৰ টকা বেংকটোৰ এটিএমৰ পৰা উলিয়াব পাৰে। আনহাতে, পিএনবি মাষ্টাৰ ডেবিট কার্ড বা ক্লাছিক ৰূপে কাৰ্ডৰ মাধ্যমেদি এদিনত সর্বাধিক ২৫ হেজাৰ টকালৈ উলিয়াব পাৰে।

এইছডিএফচি বেংক

আন বেংকৰ তুলনাত এইছডিএফচি বেংকৰ এটিএমৰ পৰা দৈনিক ধন উলিওৱাৰ সীমা বহুত বেছি। এই বেংকৰ এটিএমৰ পৰা প্রতিদিনে এক লাখ টকা পর্যন্ত উলিয়াব পাৰি। অৱশ্যে, এই সুবিধা কেৱল প্লেটিনাম ডেবিট কার্ড থকা গ্রাহকসকলৰ বাবেহে উপলব্ধ। অন্য ডেবিট কার্ড গ্রাহকৰ বাবে প্রযােজ্য নহয় এই সুবিধা।

আইচিআইচিআই বেংক

আইচিআইচিআই বেংকৰ অফিচিয়েল ৱেবছাইটত দিয়া তথ্য অনুসৰি, বেংকটোৰ গ্ৰাহকে এটিএমৰ পৰা প্লেটিনাম চিপ কাৰ্ডৰ মাধ্যমেদি প্রতিদিনে সর্বাধিক এক লাখ টকালৈকে উলিয়াব পাৰে। আনহাতে, ভিছা ছিগনেচাৰ ডেবিট কার্ডৰ দ্বাৰা দৈনিক উলিয়াব পাৰি ১.৫ লাখ টকা। উল্লেখ্য যে আৰবিআইৰ বৰ্তমানৰ নীতি অনুসৰি, গ্রাহকে যদি এমাহত এক নির্দিষ্ট সংখ্যাতকৈ অধিকবাৰৰ বাবে এটিএম ব্যৱহাৰ কৰে তেন্তে তাৰ পাছত প্রতিবাৰেই এটিএম ব্যৱহাৰৰ বাবে এক নির্দিষ্ট পৰিমাণৰ মাচুল পৰিশােধ কৰিব লাগে। মেট্র’ চহৰসমূহত এই সংখ্যা তিনিবাৰ। আনহাতে, মেট্র’ চহৰৰ বাহিৰত বিনামূলীয়া এটিএম সেৱা ব্যৱহাৰৰ সংখ্যা পাঁচবাৰ।

Exit mobile version