Cryptocurrency : ১৪ বছৰীয়া ভাতৃ, ন বছৰীয়া ভগ্নীয়ে মাহে ২৬ লাখ টকা আয় কৰে ক্ৰিপ্টোকাৰেন্সীৰ পৰা !

1630703580 The 14 and 9 year old siblings earn 30000 per month in

ক্ৰিপ্টোকাৰেন্সী, এই বিষয়টা বহুতৰে বাবে আউল লগা । কিন্তু ১৪ বছৰীয়া ঈশান আৰু ন বছৰীয়া অনন্যাৰ বাবে যেন এইটো সামান্য বিষয় ! ভাৰতীয় বংশোদ্ভূত দুই ভাতৃ-ভগ্নীয়ে সম্প্ৰতি এই ক্রিপ্টোকাৰেন্সীৰ পৰা মাহে ৩৫ হেজাৰ ডলাৰ (ভাৰতীয় মুদ্রাত প্রায় ২৬ লাখ টকা) আয় কৰে ।

ইমান কম বয়সীয়া দুই ভাতৃ-ভগ্নীয়ে কেনেদৰে এই ক্ৰিপ্টোকাৰেন্সী আয়ত্ত কৰিলে ? সেয়াও পাকৈত ব্যৱসায়ীৰ দৰে । এই ক্ষেত্রত বিনিয়োগৰ পৰিকল্পনা তেওঁলোকৰ মূৰত আহিল ক’ৰ পৰা ? এক সর্বভাৰতীয় সংবাদমাধ্যমক এই প্রসংগত ঈশানে জনায়, সি সাতমাহ আগতে ক্রিপ্টোকাৰেন্সী, বিটক‌ইন এই শব্দবোৰৰ বিষয়ে শুনিছিল । বিষয়টোক লৈ প্রবল আগ্রহী হৈ পৰে । ইয়াৰ পাছতেই বিষয়টোক লৈ ইউটিউব আৰু বিভিন্ন পত্রিকাত সন্ধান আৰম্ভ কৰে ।

তেওঁ কয়, “তেতিয়াই ক্রিপ্টোকাৰেন্সীত বিনিয়োগৰ পৰিকল্পনা কৰিছিলো । কিন্তু বিনিয়োগ কৰিবলৈ আমাৰ হাতত ধন নাছিল । সেয়ে সিদ্ধান্ত লৈছিলো যে বিনিয়োগ কৰাৰ আগতে ক্রিপ্টোকাৰেন্সীত বিনিয়োগৰ বাবে সঠিক সামগ্রী ক্ৰয় কৰিম ।” অনন্যাই কয়, “দাদা আৰু ম‌ই দুয়োৱে মিলি এই বিনিয়োগৰ পৰিকল্পনা কৰিছিলো । বিষয়টো ভাল লগাৰ পাছত দাদাক এই বিষয়ে উৎসাহো দিছিলো ।”

অৱশ্যে কম সময়তে বিষয়টো আয়ত্ত কৰা সম্ভৱ নহয় বুলি জনাইছে দুয়োৱে । সাতমাহ ধৰি ইউটিউবত, বিটক‌ইন আৰু ক্রিপ্টো সংক্রান্ত বিভিন্ন পত্রিকা পঢ়ি বিনিয়োগ সম্পর্কে ভালকৈ জনাৰ চেষ্টা কৰিছে তেওঁলোকে । তাৰ পাছতেই গেম খেলিবৰ বাবে কিনা নিজৰ কম্পিউটাৰটো ক্রিপ্টোকাৰেন্সীত বিনিয়োগৰ বাবে উপযোগী কৰি তোলে । এইদৰে জনায় ঈশানে । ঈশানে কয়, “আৰম্ভণিতে প্ৰতিদিনে তিনি ডলাৰ আয় কৰিছিলো । এতিয়া মাহে ৩৫ হেজাৰ ডলাৰ আয় কৰো । আমি অতি সুখী ।”

ইয়াকেই ভৱিষ্যতৰ জীৱিকা হিচাপে বাছি লৈছে নেকি ঈশান-অনন্যাই ? এতিয়াই সেই বিষয়ত নির্দিষ্ট কোনো সিদ্ধান্ত নল’লেও এই টকা নিজৰ উচ্চশিক্ষাৰ বাবেই খৰচ কৰিব বিচাৰে বুলি জনায় ঈশানে ।

Exit mobile version