Cyclone Gulab : এইবাৰ স্থলভাগত ঘূৰ্ণিবতাহ ‘গুলাব’, গতিবেগ ঘণ্টাত ৯৫ কিলোমিটাৰ

Cyclone

দেওবাৰে সন্ধ্যিয়াই ঘূর্ণিবতাহ গুলাব, অন্ধ্রপ্রদেশৰ উত্তৰ উপকূল আৰু উৰিষ্যাৰ দক্ষিণ উপকূল পাইছেহি । বতৰ বিজ্ঞান কেন্দ্ৰৰ সতর্কতা, দেওবাৰে নিশাৰ ভিতৰতে স্থলভাগ চোব গুলাবে । স্থলভাগ পোৱাৰ পাছত এই ঘূৰ্ণিবতাহৰ গতিবেগ ঘণ্টাত ৭৫ ৰ পৰা ৮৫ কিলোমিটাৰ হ’ব পাৰে । প্ৰায় ৯৫ কিলোমিটাৰ পৰ্যন্ত ইয়াৰ প্ৰভাৱ পৰিব পাৰে । সেয়ে অন্ধ্রপ্রদেশ আৰু উৰিষ্যাৰ উপকূলত চৰম সতর্কতা জাৰি কৰা হৈছে । ইতিমধ্যে কলিংগপত্তনমতো বতাহৰ গতি বাঢ়িবলৈ লৈছে । সমুদ্র উত্তাল হোৱাৰো খবৰ আহিছে ।

ইতিমধ্যে অন্ধ্রপ্রদেশ চৰকাৰৰ তৰফৰ পৰা সমুদ্রৰ মৎস্যজীৱীসকলক সমুদ্রত যোৱা নিষেধ কৰা হৈছে । দেওবাৰ আৰু সোমবাৰে এই নিষেধাজ্ঞা জাৰি থাকিব । লগতে স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কোৱা হৈছে, দেওবাৰে আৰু সোমবাৰে গোটেই দিন বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কোৱা হৈছে, সন্ধ্যিয়া ছটাৰ পৰা ঘূর্ণিবতাহ অহাৰ সম্ভাৱনা আছে, সেয়ে ইতিমধ্যে অন্ধ্রপ্ৰদেশ আৰু উৰিষ্যা উপকূলত দুর্যোগ আৰম্ভ হৈছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হয়, তিনি ঘণ্টাৰ ভিতৰত কলিংগপত্তনম আৰু গোপালপুৰৰ মাজেৰে এই ঘূৰ্ণিবতাহ বৈ যাব । ঘূৰ্ণিবতাহৰ কেন্দ্র কলিংগপত্তনমৰ ২৫ কিলোমিটাৰৰ ভিতৰত হ’ব পাৰে ।

Exit mobile version