Festive Sale : অনলাইন বজাৰত শাৰদোৎসৱৰ প্রস্তুতি মিন্ট্রা, এমেজন আৰু ফ্লিপকার্টত ৰেহাইৰ বৰষুণ

details

উৎসৱৰ বতৰ প্রায় সমাগত। ইতিমধ্যে পূজাৰ বজাৰত ক্রেতাৰ সমাগম বৃদ্ধি পাইছে। অনলাইন বজাৰতাে খদমদম লাগিছে, চৌদিশে বিৰাজ কৰিছে উৎসৱৰ আনন্দই। কৰ’না কালত আনবাৰৰ তুলনাত বিক্রী কে’বাগুণে বৃদ্ধি কৰাৰ আশাৰে সাজু হৈছে বিভিন্ন ই-কমার্চ সংস্থাৰ লগতে দেশৰ বিভিন্ন বিত্তীয় সেৱা প্রদানকাৰী সংস্থা, ঘােষণা কৰিছে বিভিন্ন আকর্ষণীয় অফাৰ—

এমেজনৰ গ্রেট ইণ্ডিয়ান ফেষ্টিভেল চেল

সকলাে জল্পনা-কল্পনাৰ ওৰ পেলাই যােৱা শুকুৰবাৰে এক ভাচুৱেল সংবাদমেলৰ জৰিয়তে ‘গ্রেট ইণ্ডিয়ান ফেষ্টিভেল চেল’ শীর্ষক মেগা বিক্রী মহােৎসৱৰ দিন ঘােষণা কৰে এমেজনে। অহা চাৰি অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই বিক্রী মেলা এমাহজুৰি চলিব। এমেজনে ঘােষণা কৰা মতে, এইবাৰৰ ‘গ্রেট ইণ্ডিয়ান ফেষ্টিভেল চেল’ত এহেজাৰতকৈ অধিক নতুন সামগ্রী মুকলি কৰা হ’ব। ইয়াৰ ভিতৰত আছে এপল, এইচপি, লেনােভাে, ৱানপ্লাছ, ছেমছুং, ছ’নী আৰু জিয়াওমিৰ বিভিন্ন ইলেকট্রনিক গেজেট’ ‘গ্রেট ইণ্ডিয়ান ভেষ্টিভেল চেল’ৰ বাবে এইবাৰ সংস্থাটোৱে এইছডিএফচি বেংকৰ স’তে যৌথ সহযােগিতাৰ চুক্তি কৰিছে । যাৰ ফলত এই মেগা বিক্রী মেলা চলি থকা সময়ত এইছডিএফচি বেংকৰ ডেবিট অথবা ক্রেডিট কার্ড ব্যৱহাৰ কৰি এমেজনৰ পৰা যিকোনাে সামগ্রী ক্ৰয় কৰিলে অতিৰিক্ত ১০ শতাংশৰ ৰেহাই পাব ক্রেতাই । একেদৰে বাজাজ ফিনছার্ভ কার্ড ব্যৱহাৰকাৰীয়েও পাব সুবর্ণ সুযােগ। এক লক্ষ টকা পর্যন্ত মাহিলি কিস্তিত সামগ্রী ক্রয় কৰিলে ইএমআইৰ বাবে অতিৰিক্তকৈ এটকাও ভৰিব নালাগিব বাজাজ ফিনছার্ভ কার্ড ব্যৱহাৰকাৰীয়ে। সংস্থাটোৰ ডেবিট অথবা ক্রেডিট কার্ড উভয়ৰ ক্ষেত্ৰতেই প্রযােজ্য হ’ব এই নিয়ম। এমেজনৰ দ্বাৰা এইবাৰ এক্সচেঞ্জ অফাৰতাে সর্বাধিক ২৫ হেজাৰ টকাৰ ৰেহাই। আগবঢ়োৱা হৈছে। লগতে ইকো, কিণ্ডল আৰু ফায়াৰ টিভিত থাকিব বৃহৎ ৰেহাই।

ফ্লিপকার্ট বিগ বিলিয়ন ডেইজ

ফ্লিপকার্ট ‘বিগ বিলিয়ন ডে চেল’ শীর্ষক বিক্রী মেলা আৰম্ভ হ’ব সাত অক্টোবৰৰ পৰা। এই অফাৰ মেলাখন অহা ১২ অক্টোবৰলৈ একেৰাহে ছদিন ধৰি চলিব। স্মার্টফোন তথা অন্যান্য ইলেক্ট্রনিক গেজেট, কাপােৰৰ উপৰি সস্তাত সামগ্রী ক্রয়ৰ এক বৃহৎ সংগ্রহ থাকিব এই মেলাত। সংস্থাটোৱে ইতিমধ্যে এই মেগা বিক্রী মেলাৰ বিজ্ঞাপনাে আৰম্ভ কৰিছে। ফ্লিপকার্টে মবাইল, ইলেক্ট্রনিক্স, স্বাস্থ্য সেৱা সঁজুলি, লেপটপ, স্মাটৱাটচ, পাৱাৰ বেংক আদিৰ ওপৰত ৮০ শতাংশলৈকে ৰেহাই ঘােষণা কৰিছে। টেলিভিছন আৰু অন্যান্য বৈদ্যুতিন সামগ্ৰীৰ ওপৰতাে ৮০ শতাংশ ৰেহাইৰ বাবে প্রস্তুতি চলাইছে সংস্থাটোৱে। আনহাতে ফেশ্বন সামগ্রীৰ ওপৰতাে ৬০-৮০ শতাংশ পর্যন্ত ৰেহাই দিব ফ্লিপকার্টে।

 

মিল্টাৰ বিগ ফেশ্বন ফেষ্টিভেল

মিল্টাৰ বহু প্রতীক্ষিত শ্বপিং কার্ণিভেল ‘বিগ ফেশ্বন ফেষ্টিভেল’ৰাে দিন ঘােষণা কৰা হৈছে। অহা তিনিৰ পৰা ১০
অক্টোবৰৰ ভিতৰত অনুষ্ঠিত হ’ব এই শ্বপিং কার্ণিভেল। ইয়াৰ পূর্বে একৰ পৰা দুই অক্টোবৰৰ ভিতৰত মিল্টা ইনছাইডাৰৰ বাবে আগতীয়া প্রৱেশাধিকাৰ প্ৰদান কৰা হ’ব। বিগ ফেশ্বন ফেষ্টিভেলৰ আগন্তুক সংস্কৰণে গ্রাহকসকলক ১০ লাখতকৈও অধিক ষ্টাইল আগবঢ়োৱা সর্বশ্রেষ্ঠ সাত হেজাৰটা ব্ৰেণ্ডৰ পৰা ফেশ্বন সামগ্রী ক্রয় কৰাৰ সুবিধা দিব। প্রথমবাৰৰ বাবে মিল্টাৰ পৰা সামগ্রী ক্রয় কৰা ক্রেতাই এহেজাৰ টকাৰ কুপন পাব যাক বিভিন্ন শ্রেণীৰ সামগ্ৰীৰ তালিকাৰ পৰা ভৱিষ্যতে ক্ৰয়ৰ সময়ত ব্যৱহাৰ কৰিব পাৰিব। আনহাতে, উৎসৱৰ বতৰত মিন্ট্রাৰ নতুন ব্যৱহাৰকাৰীসকলে সম্পূর্ণ এমাহৰ বাবে বিনামূলীয়া শ্বপিং উপভােগ কৰিবলৈ সক্ষম হব। লগতে নতুন গ্রাহকসকলে অনুষ্ঠানটোৰ সময়ত তেওঁলােকৰ প্রথম ক্ৰয়ৰ ওপৰত এককালীন বিশেষ ব্যয় সঞ্চয়ৰ আশাও কৰিব পাৰে। সকলাে ক্রেতাই প্রতিদিনে একাধিক ব্ৰেণ্ডৰ পৰা লাভ কৰিব আকর্ষণীয় কুপন আৰু স্ক্রেচ কার্ড।

এছবিআই কার্ড

শেহতীয়াকৈ এছবিআই কার্ডেও ইয়াৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা এক বার্তাযােগে মিন্ট্রা, এমেজন আৰু ফ্লিপকার্টৰ দৰে ই-কমার্চ প্লেটফর্মত ই-উপহাৰ ভাউচাৰৰ ওপৰত ৰেহাই আগবঢ়োৱাৰ কথা ঘােষণা কৰিছে। এই অফাৰৰ আওতাত এছবিআই কার্ড ব্যৱহাৰকাৰীসকলে ই-উপহাৰ ভাউচাৰৰ ওপৰত ১৫ শতাংশ ৰেহাই লাভ কৰিবলৈ সক্ষম হব। অৱশ্যে উক্ত ৰেহাই পাবলৈ হ’লে গ্রাহকসকলে খৰখেদা কৰিব লাগিব। কিয়নাে কাইলৈ এই অফাৰৰ অন্ত পৰিব।

Exit mobile version